ব্রিক্‌ছ শীর্ষ সন্মিলনত মোদী: স্বাৰ্থৰ ঊর্ধ্বত মানৱৰ কাম কৰিবলৈ ভাৰত দায়বদ্ধ

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্ক : দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া ভ্রমণসূচীৰে ব্রাজিলত উপস্থিত হয়। ইয়াত মোদীয়ে ১৭ সংখ্যক ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰি তেওঁৰ ৰাষ্ট্ৰীয় ভ্রমণসূচীও আছে। 

মোদী ব্রাজিলৰ ৰাজধানী ৰিঅ' ডে জেনেইৰ'ত উপস্থিত হোৱাৰ পাছত ভাৰতীয় লোকসকলে তেওঁক পৰম্পৰাগত নৃত্য আৰু লোকগীতেৰে আদৰণি জনায়। 

উল্লেখযোগ্য যে ভাৰতীয়সকলে 'য়ে দেশ নহী মিটনে দুংগা' গীতটোৰ সৈতে 'অপাৰেশ্যন সেন্দূৰ'ক লৈ প্ৰস্তুত কৰা এটা নৃত্যানুষ্ঠানো পৰিৱেশন কৰে। ব্রাজিলৰ এটা সংগীত দলে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক আৰু আধ্যাত্মিক মূল্যবোধ প্ৰদৰ্শন কৰি গণেশ বন্দনাৰে মোদীক আদৰণি জনায়।

Share This