ডিজিটেল ডেস্ক : শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বি-পাক্ষিক সম্পর্ক বৃদ্ধি কৰাৰ স্বীকৃতি ৰূপে শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে 'মিত্র বিভূষণ' সন্মান প্রদান কৰাৰ লগতে থাইলেণ্ডৰ পৰা শ্রীলংকাত মোদী উপস্থিত হোৱাৰ পাছত প্রথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ হোৱাৰ উপৰি আন ৬খন চুক্তি স্বাক্ষৰিত হয়।
মোদীক আগবঢ়োৱা 'মিত্র বিভূষণ' সন্মান হৈছে দ্বীপ ৰাষ্ট্ৰখনে প্ৰদান কৰা সর্বোচ্চ অসামৰিক সসন্মান । ২০০৮ চনত শ্রীলংকাৰ তদানীন্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপক্ষই এই সন্মান আৰম্ভ কৰিছিল। পূৰ্বতে এই সন্মান লাভ কৰাসকলৰ ভিতৰত আছে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাউমুন আব্দুল গায়ুম আৰু প্রয়াত পেলেষ্টাইনী নেতা য়াছেৰ আৰাফট।
এই সন্মান গ্রহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'ৰাষ্ট্ৰপতি দিশানায়কে মোক শ্রীলংকাৰ 'মিত্র বিভূষণ' প্ৰদান কৰাটো মোৰ বাবে সন্মানৰ কথা। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবেও এক সন্মান।' এই সন্মানপ্রাপকসকলক এখন স্বীকৃতি-পত্ৰ আৰু এটা ৰূপৰ পদক প্রদান কৰা হয়। ৰূপৰ পদকটোত থাকে শ্রীলংকাৰ নবিধ মণি-মুক্তা তথা পদুম, গোলক, সূর্য, চন্দ্ৰ আৰু ধানৰ মুঠিৰ প্রতীক। পদকটোত থকা ধর্মচক্রই দুয়োখন দেশৰ সাংস্কৃতিক পৰম্পৰাক ৰূপ দিয়া বৌদ্ধ ঐতিহ্যৰ কথা প্রকাশ কৰে। ধানৰ মুঠিৰ সৈতে পূৰ্ণ কলহে সমৃদ্ধিৰ কথা প্রকাশ কৰে।