আফ্রিকান ইউনিয়নক জি২০-ৰ স্থায়ী সদস্যপদ দিবলৈ মোদীৰ আহ্বান 

Jyoti Borah August 24, 2023

ডিজিটেল ডেস্কঃ  আফ্রিকান ইউনিয়নক জি২০-ৰ স্থায়ী সদস্য পদ দিবলৈ ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ ব্ৰিছৰ সকলো সদস্য ৰাষ্ট্ৰই সমর্থন জনাব বুলি যোৱা কালি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াত অনুষ্ঠিত ব্ৰিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকা) শীর্ষ সন্মিলনত দিয়া ভাষণত মোদীয়ে কয় যে ভাৰতে জি২০-ৰ সভাপতিত্বৰ অধীনত গ্ল’বেল ছাউথৰ (ব্রাজিল, ভাৰত, ইণ্ডোনেছিয়া, চীন, নাইজেৰিয়া আৰু মেক্সিকো) দেশসমূহৰ সমস্যাবোৰত সর্বোচ্চ অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে অহা ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতত জি২০ শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। ব্ৰিছৰ দেশকেইখন জি২০-ৰ স্থায়ী সদস্য। মোদীয়ে কয়, ‘আমি আফ্রিকান ইউনিয়নকো জি২০-ৰ সদস্য পদ দিবলৈ প্ৰস্তাৱ কৰিছোঁ । মই নিশ্চিত যে ব্ৰিছৰ সকলো সদস্য ৰাষ্ট্ৰ জি২০-ৰো সদস্য আৰু আমাৰ প্ৰস্তাৱটোত সমর্থন জনাব। উল্লেখযোগ্য যে আফ্রিকান ইউনিয়ন (এ ইউ) আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ এটা প্ৰভাৱশালী সংগঠন। নতুন দিল্লীত হ'বলগীয়া জি২০-ৰ শীৰ্ষ সন্মিলনত আফ্রিকান ইউনিয়নক পূর্ণ সদস্যপদ দিবৰবাবে আহবান জনাই মোদীয়ে জি-২০ৰ দেশসমূহৰ নেতাসকললৈ জুনত চিঠি লিখিছিল। ১৩—১৬ জুলাইলৈ কৰ্ণাটকত অনুষ্ঠিত হোৱা জি২০-ৰ শ্বেৰ্পাসকলৰ তৃতীয়খন সভাৰ খচৰা ঘোষণাত প্ৰস্তাৱটো আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰা হৈছিল। ব্ৰিক্‌ছ শীর্ষ সন্মিলনত যোৱা কালি মোদীয়ে জানুৱাৰীত ভাৰতে ‘ভইচ অব্ গ্ল’বেল ছাউথ'ৰ আয়োজন কৰাৰ কথাও উল্লেখ কৰে। শীৰ্ষ সন্মিলনখনৰ ২৪ আগষ্টলৈকে চলিব। 


 আনহাতে ২২ আগষ্টত ব্ৰিক্‌ছ বিজনেছ ফ'ৰাম লীডাজে ডায়লগত ভাষণ দি মোদীয়ে কয় যে আগন্তুক বছৰবোৰত ভাৰত বিকাশৰ ইঞ্জিন হ'ব আৰু সোনকালে পাঁচ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'ব। তেওঁ কয় যে বিশ্ব অর্থনীতিত অস্থিৰতা সত্ত্বেও ভাৰত বিশ্বৰ দ্ৰুত বিকশিত প্রধান অৰ্থনীতিৰ দেশ হৈ আছে। বিভিন্ন খণ্ডত হাতত লোৱা সংস্কাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত চৰকাৰে মিছন ম’ডত সংস্কাৰৰ কাম কৰাৰ বাবে ব্যৱসায়ৰ সুচলতা বাঢ়িছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ তেওঁ ব্ৰিছৰ বিজনেছ লীডাৰসকলক আমন্ত্ৰণ জনায়। তেওঁ কয় যে দেশখনৰ পূৰ্বৰ 'ৰঙা ফিতা' বৰ্তমান ৰঙা দলিচা লৈ পৰিণত হ'ল। এই প্ৰসংগত মোদীয়ে যোৱা ৯ বছৰত বিভিন্ন খণ্ডত লাভ কৰা সাফল্যৰ বিষয়ে কয়। আনহাতে - পাঁচখন দেশৰ সংগঠনটোৰ নতুন সদস্য ৰাষ্ট্ৰ বাছনিত ঐকমত্য লাভৰ বাবে ভাৰতে আগভাগ লৈছে। 

 

উল্লেখযোগ্য যে ব্ৰিছৰ বার্ষিক শীর্ষ সন্মিলনত সম্প্ৰসাৰণৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। ২৩খন দেশে ব্ৰিছৰ সদস্য হ'বলৈ ইচ্ছা প্রকাশ কৰিছে আৰু আৱেদন জনাইছে। সেই দেশসমূহৰ ভিতৰত ইৰান, ছৌডি আৰব, .সংযুক্ত আৰব আমি শ্বাহী (ইউ এ ই) প্রধান দাবীদাৰ । নতুন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্তিৰ বাবে কি মান স্থিৰ কৰা হ'ব আৰু বাছনি কিদৰে কৰা হ'ব সেই বিষয়ত ভাৰতে আগভাগ লৈছে। প্রধানমন্ত্রী মোদী আৰু ব্ৰিছৰ আন নেতাসকলে কালি সম্প্ৰসাৰণৰ বিষয়টো আলোচনা কৰে ।  চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে সম্প্ৰসাৰণত আপত্তি দর্শায়। তেওঁ কয় যে ‘আধিপত্যবাদ চীনৰ ডি এন এ-ত নাই।' 

Share This