ইউক্রেইনত পাৰমাণৱিক আক্ৰমণ নকৰিবলৈ পুটিনক সন্মত কৰোৱাইছিল মোদীয়ে, পোলেণ্ডৰ উপ-বিদেশ মন্ত্ৰীৰ দাবী

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : ২০২২ চনৰ শেষৰ ফালে ইউক্রেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ সময়ত পাৰমাণৱিক অস্ত্র ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সন্মত কৰোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ত্বপূৰ্ণ ভূমিকা আছিল। এই দাবী কৰিছে পোলেণ্ডৰ উপ-বিদেশ মন্ত্রী লাডিশ্ল' টিউফিল বাটছজোয়েস্কিয়ে নতুন দিল্লীত সোমবাৰে ভাৰত-পোলেণ্ড যুটীয়া অৰ্থনৈতিক আয়োগৰ বৈঠকৰ পাছত এখন সংবাদমেলত পোলেণ্ডৰ মন্ত্রীজনে এই দাবী কৰে। 

বার্টছজোয়েস্কিয়ে কয় যে প্রধানমন্ত্রী মোদী হৈছে বিশ্বৰ কিছুসংখ্যক নেতাৰ ভিতৰত অন্যতম এজন, যিজনে ৰাষ্ট্ৰপতি পুটিনক পৰামৰ্শ দিব পাৰে। ভাৰত-ৰাছিয়াৰ কেইবা দশক পুৰণি কৌশলগত সু-সম্পৰ্কৰ বাবে এয়া সম্ভৱ বুলি মন্ত্রীজনে কয়। মন্ত্রীজনে এইটোও কয় যে ইউক্রেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ বন্ধ কৰাত প্রধানমন্ত্রী মোদীয়ে প্রচেষ্টা ল'ব লাগে। 

উল্লেখযোগ্য যে এই মন্তব্যই ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ বিষয়ত প্রধানমন্ত্রী মোদীৰ কূটনৈতিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

Share This