ব্রাজিল, নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত মোদী

dainik janambhumi July 10, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক বুধবাৰে নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অৰ্ডাৰ অব দ্য মষ্ট এনচিয়েন্ট ৱেলউইটচিয়া মিৰাবিলিছ'ৰে সন্মানিত কৰা হয়। নামিবিয়াৰ ৰাষ্ট্ৰপতি ড° নেতুম্ব' নন্দি-এনডেইটৱাহে প্রধানমন্ত্রীক এই বঁটাৰে সন্মানিত কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে এদিনীয়া ভ্রমণসূচী লৈ বুধবাৰে নামিবিয়াত উপস্থিত হয়।

উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীক মঙলবাৰে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনছিয়' লুলা ডি ছিলভাই দেশখনৰ সৰ্বোচ্চ অসামৰিক বঁটা 'গ্ৰেণ্ড কলাৰ অব্ দ্য নেশ্যনেল অৰ্ডাৰ অব্ দ্য ছাউডার্ন ক্ৰছ'ৰে সন্মানিত কৰিছিল। প্রধানমন্ত্রী মোদীয়ে যোৱা ২ জুলাইৰ পৰা ৫খন দেশত ভ্ৰমণ কৰি আছে। এই সময়ছোৱাত তেওঁ ভ্ৰমণ কৰা নামিবিয়া আৰু ব্রাজিলৰ উপৰি ত্রিনিদাদ আৰু টবেগো তথা ঘানাই তেওঁক নিজ নিজ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াকে ধৰি এতিয়ালৈকে ২৭টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে।

প্রধানমন্ত্রী কালি নামিবিয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁক ২১টা তোপধ্বনিৰে আদৰণি জনোৱা হয়। তেওঁক আদৰণি জনোৱাৰ সময়ত নামিবিয়াৰ শিল্পীসকলে পৰম্পৰাগত নৃত্যও প্রদর্শন কৰে। প্রধানমন্ত্রীয়ে শিল্পীসকলৰ সৈতে ঢোলো বজায়। ইয়াৰ পাছত প্রধানমন্ত্রী হোটেলত উপস্থিত হয় আৰু তাত তেওঁ ভাৰতীয় মূলৰ লোকসকলক লগ ধৰে। প্ৰধানমন্ত্ৰীক উইণ্ডহকত থকা ষ্টে গেষ্ট হাউছত গার্ড অব অনাৰ দিয়া হয়। দেশখনৰ ৰাষ্ট্ৰপতিজনে কৰমৰ্দনেৰে তেওঁক আদৰণি জনায়। পাছত নেতা দুজন প্রতিনিধি পৰ্যায়ৰ আলোচনাতো মিলত হয় আৰু দুয়োখন দেশে বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদান কৰে। পাছত প্রধানমন্ত্রীয়ে কয় যে তেওঁ নামিবিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰে আৰু ভাৰত আৰু নামিবিয়াৰ সম্পৰ্কৰ বিষয়েও পর্যালোচনা কৰা হয়। নেতা দুজনে ডিজিটেল প্রযুক্তি কৌশল, প্ৰতিৰক্ষা, সুৰক্ষা, কৃষি, স্বাস্থ্য, শিক্ষা আৰু গুৰুত্বপূৰ্ণ খনিজৰ দৰে খণ্ডত সহযোগ বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে এক্সত কয়, 'আমি বাণিজ্য, শক্তি আৰু পেট্ৰকেমিকেলৰ দৰে খণ্ডক পৰস্পৰৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰোঁ।' 'প্রজেক্ট চিতাত নামিবিয়াই কৰা সহযোগিতাৰ বাবে দেশখনৰ প্রতি প্রধানমন্ত্রীয়ে বিশেষভাৱে কৃতজ্ঞতা প্রকাশ কৰে। উল্লেখযোগ্য যে মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ২৭ বছৰৰ পাছত নামিবিয়া ভ্রমণ কৰে।

ব্রাজিলত সর্বোত্তম অসামৰিক বঁটাৰে সন্মানিত : ইফালে মঙলবাৰে ব্রাজিলৰ ৰাজধানী ব্রাছিলিয়াত দেশখনৰ ৰাষ্ট্ৰপতি লুলাই প্রধানমন্ত্রীক ব্রাজিলৰ সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰে। প্রধানমন্ত্রীয়ে ব্রাজিলত ভ্রমণ সামৰাৰ সময়ত এটা যুটীয়া প্রেছ বিবৃতিত কয়, 'ব্রাছিলিয়াত আমাক আন্তৰিকতাৰে আদৰণি জনোৱাৰ কাৰণে মোৰ বন্ধু ৰাষ্ট্ৰপতি লুইজ ইনছিয়' লুলা ডি ছিলভাৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞতা প্রকাশ কৰিছোঁ। আমাজনৰ প্রাকৃতিক সৌন্দৰ্য আৰু আপোনাৰ আত্মীয়তাই মোক মন্ত্রমুগ্ধ কৰিলে। ৰাষ্ট্ৰপতিয়ে মোক ব্রাজিলৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰাটো মোৰ বাবেই নহয়, ১৪০ কোটি ভাৰতীয়ৰ বাবে গৌৰৱ আৰু আৱেগৰ মুহূৰ্ত। মই ইয়াৰ বাবে তেওঁৰ লগতে ব্রাজিলৰ চৰকাৰ আৰু ব্রাজিলৰ জনসাধাৰণৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞতা প্রকাশ কৰিছোঁ।

'ইয়াৰ আগতে প্রধানমন্ত্রীয়ে ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে কৰা আলোচনাৰ সময়ত দুয়োখন দেশৰ বাণিজ্য অহা পাঁচ বছৰত ২০০০ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লয়। নেতা দুজনৰ মাজত হোৱা আলোচনাৰ সময়ত পৰিৱেশ আৰু নিৰ্মল শক্তিৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াক লগতে কৃত্রিম বুদ্ধিমত্তা তথা ছুপাৰ কম্পিউটাৰ, প্ৰতিৰক্ষাৰ দৰে খণ্ডত উভয় দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে আলোচনাত সিদ্ধান্ত গ্রহণ কৰা হয়।

Share This