ডিজিটেল ডেস্ক: ওমান উপকূলত ভাৰতীয় জাহাজত আক্ৰমণৰ ঘটনাই ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী জি-৭ শীর্ষ সন্মিলনৰ মাজতে অহা ১৭ জুনৰ সন্ধিয়া ৬-১৫ বজাত ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে এক আলোচনাত মিলিত হ'ব। হোৱাইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে এই কথা নিশ্চিত কৰে। বিষয়াজনৰ মতে, নেতা দুজনৰ মাজত হ'বলগীয়া আলোচনাত দুয়োখন দেশৰ মাজত প্ৰস্তাৱিত বাণিজ্য চুক্তিয়ে প্রধান্য লাভ কৰিব।
উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ট্রাম্প যোৱা বছৰ ফেব্ৰুৱাৰীৰ পাছত অৰ্থাৎ প্রায় ১৬ মাহৰ পাছত পৰস্পৰৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেৱঁৰ নিমন্ত্রণ ক্রমে প্রধানমন্ত্রী মোদীয়ে ১৬-১৭ জুনত অনুষ্ঠিত হ'বলগীয়া জি-৭ শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব। শীর্ষ সন্মিলনত জি-৭ দেশসমূহৰ নেতাসকলে বিশ্ব পর্যায়ত সহযোগিতা, সামগ্রিক উন্নয়ন আৰু কৃত্রিম বুদ্ধিমত্তাৰ সুৰক্ষিত ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিব। সূত্ৰসমূহে প্রকাশ কৰা মতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিক লৈ দীর্ঘদিন আলোচনা চলি আছে যদিও এতিয়ালৈকে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই।
মোদী-ট্রাম্পৰ বৈঠকত এই প্ৰসংগটো গুৰুত্বসহকাৰে উত্থাপন কৰা হ'ব। হোৱাইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে চলিত বছৰৰ আৰম্ভণিতে বাণিজ্য চুক্তিৰ যুটীয়া কাঠামোক লৈ চুক্তিত স্বাক্ষৰ কৰা হয় আৰু চুক্তিখনক চূড়ান্ত ৰূপ দিয়াৰ বাবে যোৱা এবছৰে আলোচনা চলি আছে।