ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান 'মন কী বাত'ত কোনো চৰকাৰী ডাঙৰ ডাঙৰ আঁচনিৰ কথা নক'লে। তেওঁ কালি এনে এবিধ চৰাইৰ কথা কয় যাক এসয়মত অমংগলীয়া বুলি গণ্য কৰিছিল আৰু গাঁৱৰ পৰা দূৰলৈ খেদি পঠিয়াইছিল। প্রধানমন্ত্রীয়ে কালি সেই চৰাইবিধ অর্থাৎ হাড়গিলা বা গ্ৰেটাৰ এডজুটেন্ট ষ্টাৰ্কৰ বিষয়ে কয়।
প্রধানমন্ত্রীয়ে কালি ' মন কী বাত'ত কয়, 'অসমত এবিধ পক্ষী পোৱা যায়। ইয়াৰ নাম হাড়গিলা। হাড়গিলা এবিধ দুলর্ভ পক্ষী। এই চৰাইবিধে প্রকৃতিক স্বচ্ছ কৰি ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু অসমত বহু দিনলৈকে হাড়গিলাক অমংগলীয়া চৰাই বুলি গণ্য কৰা হৈছিল। মানুহে এই চৰাইবিধক নিজৰ ওচৰে-পাজৰে দেখা পোৱাটো নিবিচাৰিছিল। হাড়গিলাৰ বাহ থকা গছ কাটি পেলোৱা হৈছিল। পূর্ণিমা দেৱী বৰ্মনে এই সকলোবোৰ ঘটনা চাই আছিল। তেওঁ মানুহৰ মনৰ পৰা এই ভুল ধাৰণা আতৰোঁৱাৰ সংকল্প লয়। তেওঁ মহিলাসকলৰ সৈতে কথা পাতে, মানুহক বিজ্ঞানৰ ভিত্তিৰ বিষয়ে বুজাই দিয়ে। লগে লগে মহিলাসকলে এই অভিযানৰ সৈতে জড়িত হৈ পৰে। যিবিধ চৰাইৰ অমংগলীয়া বুলি গাঁৱৰ পৰা খেদি দিছিল সেই চৰাইবিধ গাঁৱৰ পৰিচয় হৈ পৰিল।' প্রধানমন্ত্রীয়ে লগতে কয়, 'গ্রামাঞ্চলৰ হাজাৰ হাজাৰ মহিলা ওলাই আহে হাড়গিলাক বচোৱাৰ বাবে। এতিয়া তেওঁলোকক 'হাড়গিলা আর্মী' নামেৰে জনা যায়। এই মহিলাসকলে সমাজক বুজাবলৈ দিনে-নিশাই কাম কৰে আৰু অন্ধবিশ্বাস নোহোৱা কৰে। তেওঁলোকে ইয়াক প্ৰমাণ কৰি দেখুৱালে যে সঠিক তথ্যৰ যোগান ধৰিলে বছৰ বছৰ পুৰণি ধাৰণাও মানুহৰ মনৰ পৰা আঁতৰাব পাৰি।'
উল্লেখযোগ্য যে বিশ্বৰ প্ৰায় ৮০% হাড়গিলা অসমত পোৱা যায়। প্রধনমন্ত্ৰীয়ে অসমৰ হাড়গিলাৰ লগতে মেঘালয়ৰ ৰুট ব্রীজৰ বিষয়েও উল্লেখ কৰে 'মন কি বাত'ত। প্রধানমন্ত্রীয়ে কয় যে এই ব্রীজ কেইদিনমানত বা কেইবছৰমানতে তৈয়াৰ হৈ নুঠে। ইয়াৰ বাবে কেইবাটাও দশকৰ প্ৰয়োজন হয়। ৰবৰ গছৰ শিপাক লাহে লাহে নির্দিষ্ট দিশলৈ লৈ যোৱা হয়। ইয়াৰ পাছত এই শিপা জল-ধাৰাসমূহৰ ইটো পাৰলৈ লৈ যোৱা হয়। সময়ৰ লগে লগে এই শিপাই এখন শক্তিশালী দলঙৰ ৰূপ লয়।' প্রধানমন্ত্রীয়ে কয়, 'ই এখন জীৱন্ত দলং। সময় পাৰ হোৱাৰ লগে লগে ই অধিক শক্তিশালী হৈ পৰে। এই দলঙে ইয়াকে কয় যে মানুহে প্ৰকৃতিৰ সৈতে মিলি কেনেধৰণৰ অদ্ভুত বস্তু তৈয়াৰ কৰিব পাৰে। ই আমাৰ দেশৰ এই ধৰিত্ৰীৰ ঐতিহ্য। এতিয়া ভাৰতে মেঘালয়ৰ ঝট ব্রীজক ইউনেস্ক'ৰ ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কত চামিল কৰাৰ বাবে আৱেদন জনাইছে।'
প্ৰধানমন্ত্ৰীয়ে নগালেণ্ডৰ বেবী ফুটবলৰ বিষয়েও এইবাৰৰ 'মন কী বাত'ত উল্লেখ কৰে। তেওঁ কয় যে নগালেণ্ডত দুখন এনেকুৱা লীগ অনুষ্ঠিত হয় যি সকলোকে অনুপ্রাণিত কৰিব পাৰে। ইয়াৰে এখনৰ নাম হ'ল নগালেণ্ড বেবী লীগ ফুটবল। ই ৫-১২বছৰীয়া সৰু সৰু শিশুৰ এখন অসাধাৰণ লীগ। ইয়াত ল'ৰা আৰু ছোৱালী উভয়ে খেলে। ইয়াত তেওঁলোকৰ গতি আৰু প্ৰতিভা বিকশিত হয়। এই লীগে তিনি বছৰ সম্পূর্ণ কৰিলে। আনবিধ খেল হ'ল নগালেণ্ড উইমেন লীগ। ইয়াক সধাৰণৰ ভাষাত ইনড'ৰ ফুটবল বুলি কোৱা হয়। ইয়াত পাঁচগৰাকী খেলুৱৈ থাকে আৰু খেলপথাৰ স্বাভাৱিক অৱস্থাতকৈ সৰু। ইয়াতদ্রুতগতিত সিদ্ধান্ত ল'ব লাগে। এই খেলবিধে ব্যক্তিত্বৰ বিকাশত সহায় কৰে। মহাৰাষ্ট্ৰৰ এটা পৰিয়ালৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'মহাৰাষ্ট্ৰৰ নান্দেড় জিলাৰ বাহাদুৰপুৰা গাঁৱৰ পেঠকৰ পৰিয়ালে ঘৰত বিবাহ অনুষ্ঠান উপলক্ষে নিজৰ গাঁৱৰ প্ৰায় চাৰে তিনি হাজাৰ লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতিজন ব্যক্তিক এক লাখ টকাৰ বীমা কৰোৱায়।' প্রধানমন্ত্রী মোদীয়ে কয়, 'বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ে শাস্ত্ৰাৰ্থৰ আমাৰ প্ৰাচীন পৰম্পৰাক পুনৰ সজীৱ কৰিলে। শাস্ত্ৰাৰ্থ কেৱল নিজৰ মত দাঙি ধৰাৰ মাধ্যম নহয়, ইয়াত যুক্তি-তর্ক তথা আলোচনা-বিলোচনা কৰাৰ এক অনুশাসিত প্রক্রিয়া। তেওঁ কয় যে ইয়াত যুক্তিৰ সৈতে, তথ্যৰ সৈতে নিজৰ মত দাঙি ধৰাটো অতি প্রয়োজনীয় আৰু ইয়াত পাণ্ডিত্য থকাৰ প্ৰয়োজন। আনৰ কথা, আনৰ মত ধৈৰ্যৰে শুনা আৰু বুজি পোৱাৰ শিকনি শাস্ত্ৰাৰ্থৰ প্ৰক্ৰিয়াৰ পৰা ল'ব পাৰি। নালন্দা বিশ্ববিদ্যালয়ে ইয়াক দীক্ষান্ত সমাৰোহৰ অংশ কৰি লোৱা বুলি জানিবলৈ পাই মই সুখী হৈছোঁ।' প্রধানমন্ত্রীয়ে কয় যে দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, আর্টিফিচিয়েল ইন্টেলিজেঞ্চ আৰু ডেটা ছায়েঞ্চত বি টেক কাৰ্যসূচী আৰম্ভ কৰিবলৈ লোৱা হৈছে। ই আধুনিক প্রযুক্তিত ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ সৈতে জড়িত কৰাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ। ইয়াৰ ফলত ভাৰতীয় ভাষাৰ বাবে নতুন এ আই টুল তৈয়াৰ কৰাত সহায় হ'ব। প্রাচীন গ্রন্থসমূহক ডিজিটেল ৰূপত সংৰক্ষিত কৰাৰ কামো ক্ষিপ্ৰ হ'ব।' প্রধানমন্ত্রীয়ে কয় যে মধ্য প্রদেশৰ ৰাজগড় জিলা ব্যাৱৰাত মহিলাসকলে প্লাষ্টিকৰ আৱৰ্জনা আঁতৰাই ইয়াক ইক'-ব্রিক্ছলৈ সলনি কৰা হৈছে। বিগত কেইমাহমানত কেইবাশ কিল'গ্রাম ৰিচাইকল কৰি ইয়াৰ উন্নত ব্যৱহাৰ কৰা হৈছে। ইফালে প্রধানমন্ত্রীয়ে ভাৰতৰ কুমাৰ আৰু স্থানীয় শিল্পীয়ে নিজৰ হাতেৰে তৈয়াৰ কৰা গণেশৰ মূৰ্তিহে কিনিবলৈ আহ্বান জনাইছে। প্রধানমন্ত্রীয়ে কয় যে চলিত মাহত দেশে বিমান পৰিবহণ ঋণত বৃহৎ সফলতা লাভ কৰিছে।
মেড ইন ইণ্ডিয়া অভিযানৰ অধীনত তৈয়াৰ কৰা চি-২৯৫ বিমানে প্রথমটো সফল উৰণ সম্পন্ন কৰে। বৰ্তমান এনেধৰণৰ ৪০খন বিমান ভাৰতত নিৰ্মাণ কৰি থকা হৈছে। এইবাৰ বিশ্বৰ ২৫০০টাতকৈ অধিক স্থানত যোগাভ্যাস হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আহমেদাবাদত আয়োজন কৰা বিশ্ব যোগাসন চেম্পিয়নশ্বিপত মুঠ ১১৪টা পদক জয় কৰে। ইয়াৰে ১০২টা সোণৰ পদক। ভাৰতে প্রতিযোগিতাত প্রথন স্থান লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেইদিনমানৰ আগতে সোণ ক্রয় নকৰিবলৈ, বিদেশ ভ্রমণ বাতিল কৰিবলৈ আৰু প্রয়োজন সাপেক্ষে আনকো গাড়ীত উঠাই নিয়াৰ আহ্বান জনাইছিল। তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি লগতে সমর্থন জনোৱাৰ বাবে প্রধানমন্ত্রীয়ে দেশৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।