ঝালমুড়িৰ পাছত অন্য এক চমক, হুগলীত নৌকাবিহাৰ মোদীৰ, সাবটিলে নাৱৰীয়াক

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত হুগলী নদীত নৌকা বিহাৰ কৰে। সেই সময়ত প্রধানমন্ত্রীয়ে লৈ যোৱা কেমেৰাৰে ফটোও তোলে। প্রধানমন্ত্রীয়ে নৌকা বিহাৰ কৰা নাওখন নাৱৰীয়াজনক ১০০০ টকাও দিয়ে। 

নাৱত কৰা ভ্ৰমণৰ ফটো সামাজিক মাধ্যমত প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'প্রতিজন বাঙালীৰ বাবে গংগাৰ এক বিশেষ স্থান আছে। গংগা পশ্চিম বংগৰ আত্মাৰে বৈ যোৱা বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰ আগতে যোৱা ১৯ এপ্রিলত নিৰ্বাচনী প্ৰচাৰৰ সময়ক প্রধানমন্ত্রীয়ে ঝাড়গ্রামত এখন দোকানৰ পৰা ১০ টকাৰ ঝালমুড়ি খাইছিল। 

প্রধানমন্ত্রীয়ে কলকাতাৰ হুগলী ঘাটত নাৱত উঠাৰ পাছত নাৱৰীয়া গৌৰাংগ বিশ্বাসক আলিংগন কৰে আৰু ১০০০ টকা দিয়ে। প্রধানমন্ত্রীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, 'কালি গধূলি হাওৰাৰ পৰা কলকাতালৈ দীঘলীয়া ৰোড শ্ব'ৰ সময়ত হাওৰা দলঙলৈও গৈছিলোঁ। আজি পুৱা নদীৰ পৰা দলংখন চালোঁ।' প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত প'ষ্ট কৰা ফটোত দেখা পোৱা মতে, তেওঁ নাৱত বহি চৌদিশৰ মনোৰম দৃশ্য তেওঁৰ কেমেৰাত বন্দী কৰে। এখন ফটোত তেওঁ নাৱৰীয়া গৌৰাংগ বিশ্বাসক সাবটি ধৰাও দেখা পোৱা গৈছে। ইয়াৰ লগতে প্রধানমন্ত্রীয়ে তেওঁ নাৱত কৰা ভ্ৰমণৰ সময়ত ৰেকৰ্ড কৰা ভিডিঅ'ও সামাজিক মাধ্যমত প্রকাশ কৰে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত বেংগলী ভাষাত দিয়া এটা প'ষ্টত কয়, 'প্রতিজন বাঙালীৰ বাবে গংগাই এক অতি বিশেষ স্থান অধিকাৰ কৰি আছে। শুনা যায়, গংগা যেন বাংলাৰ আত্মাৰ মাজৰে প্রৱাহিত হৈ আছে। পৱিত্ৰ গংগাৰ পানীয়ে সমগ্ৰ সভ্যতাৰ চিৰন্তন চেতনা বহন কৰি আছে। আজি পুৱা কলকাতাত আমি হুগলী নদীৰ পাৰত কিছু সময় কটাইছিলোঁ- মা গংগাৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ এটা সুযোগ হিচাপে। ইয়াৰ বাহিৰেও প্রাতঃভ্রমণকাৰী আৰু নৌকাচালকসকলৰ লগতো আছিলোঁ।

নৌকাচালকসকলৰ কঠোৰ পৰিশ্ৰম সচাকৈয়ে প্রশংসনীয়। হুগলীৰ পাৰত ৰৈ পশ্চিম বংগৰ উন্নয়ন আৰু মহান বাঙালী সমাজৰ সমৃদ্ধিৰ লক্ষ্যৰে আমাৰ অংগীকাৰ পুনৰ ব্যক্ত কৰিছো।' ইফালে প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ দমদমত এখন নির্বাচনী সমাৱেশত দিয়া ভাষণত কয় যে পশ্চিম বংগত পৰিৱৰ্তনৰ যি ঢৌ দেখা পোৱা গৈছে কালি প্রথম পৰ্যায়ৰ ভোটদানে মোহৰ মাৰিলে। প্রধানমন্ত্রীয়ে কয় যে কালি ৰাজ্যখনত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ পক্ষে যি সমর্থন দেখা পোৱা গ'ল ই বিজেপিৰ বিজয়ৰ শংখনাদ কৰিলে। প্রধানমন্ত্রীয়ে কয় যে পশ্চিম বংগৰ গৌৰৱ পুনৰ ঘূৰাই অনাৰ বাবে, পশ্চিম বংগক পুনৰ সুযোগৰ ভূমিৰূপে গঢ়ি তোলাৰ বাবে তৃণমূল কংগ্ৰেছৰ ভয়, দুর্নীতি, ছিণ্ডিকেট, পলায়ন, নিবনুৱা, অনুপ্ৰৱেশকাৰী তথা কন্যা সন্তানক কৰা অত্যাচাৰৰ পৰা মুক্ত কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে। 

প্রধানমন্ত্রীয়ে কয় যে পশ্চিম বংগত টি এম চিয়ে গণতন্ত্ৰৰ পৱিত্ৰ মন্দিৰক গচকি পেলালে। প্রথম পৰ্যায়ৰ ভোটদানত জনসাধাৰণে গণতন্ত্ৰৰ পৱিত্ৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ নির্বাচনে এই মন্দিৰত বিজয় ধ্বজা উৰুৱাব। প্রধানমন্ত্রীয়ে কয়, গোলামীৰ শিকলি ভঙাৰ বাবে সুভাষ চন্দ্ৰ বসুৱে ৰাষ্ট্ৰক আহ্বান জনাইছিল- তোমোলোকে মোক তেজ দিয়া মই স্বাধীনতা দিম। এয়া পশ্চিম বংগৰ নতুন বিপ্লৱৰ সময় আৰু এই বিপ্লৱ হ'ব ভোটৰ জৰিয়তে। মই বংগৰ জনসাধাৰণক এই বুলি আহবান জনাওঁ যে আপোনালোকে আমাক ভোটৰূপী আশীর্বাদ দিয়ক আমি মিলিজুলি পশ্চিম বংগক অনেক কষ্টৰ পৰা মুক্ত কৰিম। টি এম চি নাৰী বিৰোধী দল।'

Share This