৬১,০০০ যুৱক-যুৱতীলৈ 'ৰাষ্ট্ৰ নিৰ্মাণৰ নিমন্ত্ৰণী-পত্ৰ' মোদীৰ

dainik janambhumi January 25, 2026

ডিজিটেল ডেস্ক  : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অষ্টাদশ ৰোজগাৰ মেলাত নতুন দিল্লীৰ পৰা ভার্চুৱেলী ৬১,০০০তকৈ অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰে। এই ৰোজগাৰ মেলা দেশৰ ৪৫ ঠাইত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে নিযুক্তি-পত্ৰবোৰ হৈছে 'ৰাষ্ট্ৰ নিৰ্মাণৰ নিমন্ত্ৰণী-পত্ৰ'। তেওঁ যুৱক -যুৱতীসকলক সংবিধানৰ প্ৰতি দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে। 

প্রধানমন্ত্রীয়ে কালি দিনটোৰ প্ৰতীকী গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ইয়াৰ সৈতে কাকতালীয়ভাৱে পৰাক্ৰম দিৱস, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত তথা ৰাষ্ট্ৰীয় গীত গ্ৰহণ কৰাৰ দিনৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয়, 'আজি এই গুৰুত্বপূৰ্ণ দিনটোত দেশত ৬১ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে জীৱনৰ নতুন আৰম্ভণি কৰিছে। আজি আপোনালোক সকলোৱে চৰকাৰী সেৱাৰ নিযুক্তি-পত্র পাইছে। ই একপ্ৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ নিমন্ত্ৰণী-পত্ৰ। ই হৈছে উন্নত (বিকশিত) ভাৰত নিৰ্মাণত গতি দিয়াৰ সংকল্প-পত্র।' নিযুক্তি, কর্মসংস্থানত চৰকাৰৰ ভূমিকাৰ বিষয়ে প্রধানমন্ত্রীয়ে কয়, 'যুৱক-যুৱতীসকলক কর্মসংস্থান-স্বনিয়োজনৰ সুবিধা দিয়াত চৰকাৰে অগ্ৰাধিকাৰ দিছে। চৰকাৰী নিযুক্তিও 'মিছন ম'ড'ত কৰিবলৈ ৰোজগাৰ মেলাৰ আৰম্ভ কৰা হৈছিল। বিগত বৰ্ষবোৰত ৰোজগাৰ মেলা এটা প্রতিষ্ঠান হৈ পৰিল। ইয়াৰ যোগেদি লাখ লাখ যুৱক-যুৱতীয়ে বেলেগ বেলেগ চৰকাৰী বিভাগত নিযুক্তি লাভ কৰিছে।' 

প্ৰধানমন্ত্ৰীয়ে ভাষণত চৰকাৰ তথা দেশে লাভ কৰা বিভিন্ন সফলতাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, 'বর্তমান যিদৰে ভাৰতৰ ওপৰত বিশ্বৰ ভৰসা বাঢ়িছে, সি যুৱক-যুৱতীসকলৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। ভাৰত বিশ্বৰ একমাত্র বৃহৎ অর্থনীতিৰ দেশ যি এটা দশকত জি ডি পি দুগুণ কৰিলে।' প্রধানমন্ত্রী মোদীয়ে ভাষণত উদ্যোগ খণ্ডৰ উন্নয়ন তথা সফলতাৰ বিষয়েও উল্লেখ কৰে। নিযুক্তি-পত্ৰ লাভ কৰা যুৱতীসকলৰ সন্দৰ্ভত তেওঁ কয়, 'আজি এই অনুষ্ঠানত ৮ হাজাৰতকৈ অধিক কন্যাই নিযুক্তি-পত্র লাভ কৰিছে। যোৱা ১১ বছৰত দেশৰ ৱৰ্কফ'ৰ্চত মহিলাৰ অংশগ্রহণ প্রায় দুগুণ বৃদ্ধি পাইছে। চৰকাৰৰ মুদ্ৰা আৰু ষ্টার্ট-আপ ইণ্ডিয়াৰ দৰে আঁচনিৰ পৰা আমাৰ জীয়ৰীসকলৰ বহুত উপকাৰ হৈছে।' 

যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়াই তেওঁ কয়, 'আপোনালোকে আৰু এটা কথা মনত ৰাখিব লাগিব। দ্রুতবেগেৰে সলনি হোৱা টেকন'লজিৰ এই যুগত দেশৰ প্ৰয়োজন আৰু অগ্রাধিকাৰো দ্রুতবেগেৰে সলনি হৈছে। এই পৰিৱৰ্তনৰ সৈতে আপোনালোকে নিজকো আপগ্রেড কৰি থাকিব লাগিব।' কর্তব্য তথা জনসাধাৰণৰ সৈতে ব্যৱহাৰৰ সন্দৰ্ভত প্রধানমন্ত্রী মোদীয়ে যুৱক-যুৱতীসকলক আৰু কয়, 'প্রধানমন্ত্রীয়েই হওক নাইবা চৰকাৰৰ ক্ষুদ্ৰ সেৱকেই হওক, আমি সকলো সেৱকেই আৰু আমাৰ সকলোৰে মন্ত্ৰ একেই। ইয়াত কোনো ওপৰত নাই, কোনো সোঁৱে-বাৱেঁ নাই। আমাৰ সকলোৰে বাবে, মোৰ বাবেও আৰু আপোনালোকৰ বাবেও মন্ত্রটোনো কি- 'নাগৰিক দেৱো ভৱ। (নাগৰিক দেৱতা)।' 'নাগৰিক দেৱো ভৱ' মন্ত্ৰেৰে আমি কাম কৰিব লাগিব।' এই ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্র সিঙকে ধৰি বহু আই পি এছ বিষয়া, চি আৰ পি এফ আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে প্রথম ৰোজগাৰ মেলা হৈছিল ২০২২ চনৰ ২২ অক্টোবৰত। এনে ৰোজগাৰ মেলাৰ দ্বাৰা এতিয়ালৈকে ১১ লাখতকৈ অধিক যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে।

Share This