ডিজিটেল ডেস্ক: বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে পুনৰ পৰিগণিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকা ভিত্তিক মতামত গৱেষণা প্রতিষ্ঠান, মর্নিং কনছাল্টে চলোৱা এটা সমীক্ষাত ৭০% সমর্থন পাই নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ জনপ্রিয় নেতাৰ তালিকাত শীর্ষস্থান লাভ কৰে।
আনহাতে, মোদীৰ পাছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে ৬৩% সমর্থন লাভ কৰি তালিকাত দ্বিতীয় স্থান পায়। বিশ্বৰ ২৪খন গণতান্ত্রিক দেশত চলোৱা মর্নিং কনছাল্টৰ এই সমীক্ষাৰ ৭৪% লোকে জাৰ্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ কাম-কাজত অসন্তুষ্টি প্রকাশ কৰাৰ বাবে তেওঁ বিশ্বৰ আটাইতকৈ কম জনপ্রিয় বিশ্বৰ নেতা হিচাপে পৰিগণিত হয়। মার্কিন গৱেষণা প্রতিষ্ঠানটোৱে ৭ দিনীয়া এই সমীক্ষা চলাই ছিল।
আনহাতে, চেক গণৰাজ্যৰ প্রধানমন্ত্রী এণ্ড্ৰেজ বাবিজে ৫৫% সমর্থন পাই বিশ্বৰ তৃতীয় জনপ্রিয় নেতাৰ স্থান লাভ কৰিছে। ইফালে, ৭৫% লোকে অসন্তুষ্টি প্রকাশ কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনো এজন কম জনপ্রিয় নেতাৰ তালিকাত সন্নিৱিষ্ট হৈছে। আনহাতে, শেষৰ ফালৰ পৰা তালিকাত দশম স্থান লাভ কৰিছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে। ট্রাম্পে ৩৮% লোকৰ সমৰ্থন লাভ কৰে।