ডিজিটেল ডেস্ক: 'ভাৰত আৰু কানাডাৰ মাজৰ সম্পর্ক শক্তিশালী আৰু উজ্জীৱিত হৈ উঠিছে। দুয়োখন দেশৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত বাণিজ্যিক সম্পর্ক ৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰা।'- এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ।
নতুন দিল্লীৰ হায়দৰাবাদ হাউছত সোমবাৰে কানাডাৰ প্রধানমন্ত্রী মার্ক কার্নিক আদৰণি জনাই দিয়া ভাষণত মোদীয়ে এইদৰে কয়। তেওঁ কয় যে আমাৰ প্ৰথম সাক্ষাতৰ পাছৰে পৰাই আমাৰ মাজৰ সম্পৰ্ক উজ্জীৱিত হৈ উঠিছে। পাৰস্পৰিক বিশ্বাস আৰু ইতিবাচকতা বৃদ্ধি পাইছে। ইফালে, চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হোৱা কানাডাৰ প্ৰধানমন্ত্ৰী কার্নিয়ে কয় যে যোৱা বছৰটোত ভাৰত আৰু কানাডাৰ মাজত সহযোগিতা আৰু বুজাবুজি ইমানেই বৃদ্ধি পাইছে যে পূৰ্বৰ দুটা দশক মিলালেও সিমানখিনি নহয়গৈ। তেওঁ কয় যে ভাৰত আৰু কানাডাই কেৱল সম্পৰ্ক উন্নত কৰাই নহয়, দুয়োখন দেশে নতুন লক্ষ্য আৰু উদ্দেশ্যৰে পাৰস্পৰিক বুজাবুজিও বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে কাৰ্নিৰ এই ভ্ৰমণৰ সময়তে ভাৰত-কানাডাৰ মাজৰ অৰ্তনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ নতুন ৰূপ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে দেশ দুখনৰ মাজত তিনিখনকৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিকেইখন হৈছে বিৰল খনিজ পদাৰ্থৰ সন্ধানত সহযোগিতা, পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰত উৎসাহ যোগোৱা আৰু সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰা। সোমবাৰে হায়দৰাবাদ হাউছত দুয়োখন দেশৰ প্রধানমন্ত্রীৰ লগতে প্রতিনিধিবৰ্গৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, বিৰল খনিজ পদার্থ, কৃষি, শিক্ষা, গৱেষণা, উদ্ভাৱন আদি বিষয়ত দ্বিপাক্ষিক সহযোগিতা সন্দর্ভত আলোচনা অনুষ্ঠিত হয়। তদুপৰি দুয়োগৰাকী নেতাই গোলকীয় আৰু আঞ্চলিক বিষয়সমূহতো আলোচনা কৰে। বৈঠকৰ পাছতে অনুষ্ঠিত যুটীয়া সংবাদমেলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে পশ্চিম এছিয়াৰ সাম্প্রতিক পৰিস্থিতি অতি চিন্তনীয় হৈ পৰিছে।
ভাৰতে সকলো বিবাদ আলোচনা আৰু কূটনৈতিক প্রক্রিয়াৰে নিষ্পত্তি হোৱাটো বিচাৰে বুলিও মোদীয়ে উল্লেখ কৰে। প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে সন্ত্রাসবাদ, উগ্রবাদ আৰু মৌলবাদ কেৱল ভাৰত আৰু কানাডাৰ বাবেই নহয়, মানৱজাতিৰ বাবেই প্রবল প্রত্যাহ্বান হৈ পৰিছে। গোলকীয় শান্তি-সম্প্ৰীতিৰ বাবে দুয়োখন দেশে সহযোগিতাৰে কাম কৰি যাব বুলিও মোদীয়ে কয়।