মোদীয়ে অংশগ্রহণ কৰিব জি৭ শীর্ষ সন্মিলনত

dainik janambhumi June 07, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কয় যে এই মাহৰ মাজ ভাগত কানাডাত অনুষ্ঠিত হ'বলগীয়া জি৭ শীর্ষ সম্মিলনত তেওঁ অংশগ্ৰহণ কৰিব। তেওঁ আৰু কয় যে কানাডাৰ নৱ নিৰ্বাচিত প্রধানমন্ত্রী মার্ক কার্নীক লগ কৰিবলৈ তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে। 

কানাডাৰ কানানাস্কিছত ১৫-১৭ জুনত অনুষ্ঠিত হ'বলগীয়া শীর্ষ সম্মিলনলৈ ফ'নযোগে নিমন্ত্রণ । জনোৱাৰ বাবে প্রধানমন্ত্রী মোদীয়ে কার্নীক ধন্যবাদ জনায়। 

সামাজিক মাধ্যম এক্সত মোদীয়ে কয়, 'কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কানীৰ পৰা ফ'ন কল পাই আনন্দিত। তেওঁক তেওঁৰ শেহতীয়া বিজয়ৰ বাবে অভিনন্দন জনালোঁ আৰু কানানাস্কিছত অনুষ্ঠিত হ'বলগীয়া জি ৭ শীর্ষ সম্মিলনলৈ নিমন্ত্রণ জনোৱাৰ বাবে ধন্যবাদ জনালোঁ।'

Share This