ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে বৈঠকৰ সম্ভাৱনা নাকচ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত ২৬ৰ পৰা ২৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ১০খন ৰাষ্ট্ৰৰ গ্ৰুপ আছীয়ানৰ শীৰ্ষ সন্মিলনত ভার্চুৱেলিহে অংশগ্রহণ কৰিব। প্রধানমন্ত্রী মোদীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যম এক্সত এই কথা জনায়। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্রাহিমৰ সৈতে ফ'নযোগে বার্তালাপ কৰাৰ পাছত মোদীয়ে এক্সত কয় তেওঁ আছীয়ান-ইণ্ডিয়ান শীর্ষ সন্মিলনত ভার্চুৱেলি অংশগ্ৰহণৰ বাবে তথা দুয়োখন দেশৰ মাজত সর্বাত্মক ৰণ-কৌশলগত সহযোগিতা গভীৰ কৰিবৰ বাবে আগ্ৰহেৰে বাট চাই আছে।
চৰকাৰী বিজ্ঞপ্তি মতে, ২৭ অক্টোবৰত কুৱালালমপুৰত অনুষ্ঠিত হ'বলগীয়া ২০সংখ্যক ইষ্ট এছিয়া শীর্ষ সন্মিলনত ভাৰতৰ বিদেশ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে প্রধানমন্ত্রী মোদীক প্রতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে এছ'চিয়েশ্যন অব ছাউথ-ইষ্ট এছিয়ান নেশ্যনছক (আছীয়ান) অঞ্চলটোৰ অন্যতম শক্তিশালী গোট বুলি বিবেচনা কৰা হয়। ভাৰত আৰু আমেৰিকা, চীন, জাপান তথা অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশ হৈছে এই গোটৰ সহযোগী। আছীয়ানৰ সদস্য ৰাষ্ট্ৰৰ বাহিৰেও ইষ্ট এছিয়া শীর্ষ সন্মিলনত আছে ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আমেৰিকা আৰু ৰাছিয়া। উল্লেখযোগ্য যে ভাৰতৰ বিৰুদ্ধে আমেৰিকাই অত্যধিক শুল্ক আৰোপ কৰাৰ সময়তে দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্য আলোচনা এতিয়াও অচলাৱস্থাতে আছে।
ইফালে, ৰাছিয়াৰ পৰা তেল ক্রয় নকৰিবলৈও ট্রাম্পে ভাৰতক হেঁচা দি আছে। ট্রাম্পে ৰাজহুৱাকৈয়ে ঘোষণা কৰিছে যে তেওঁক ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰিব বুলি মোদীয়ে তেওঁক প্রতিশ্রুতি দিছে। আছীয়ান শীর্ষ বৈঠকতে দুয়োজন নেতাই এই বিষয়সমূহ নিষ্পত্তি কৰিব তথা ঘোষণা কৰিব বুলি ভবা হৈছিল। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা, আলোচনাত অচলাৱস্থাৰ মাজতে যোৱা মাহত ট্রাম্পে ট্রুথ ছ'চিয়েলৰ প'ষ্টত কৈছিল যে তেওঁ 'আগত সপ্তাহবোৰত' মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আশা আছে। ট্রাম্পৰ উক্ত ঘোষণাৰ পাছতে সংবাদ আৰু ৰাজনৈতিক মহলত গুণা-গঁথা চলিছিল যে আছীয়ান শীর্ষ সন্মিলনত দুয়োজন নেতা মিলিত হ'ব আৰু এনে বিষয়বোৰত আলোচনা কৰিব।