মোদী নাযায়, খামেনেইৰ শেষকৃত্যত ভাগ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই, সম্পৰ্কৰ নতুন অধ্যায় ৰচি ছে'চেল্‌ছৰ পৰা উভতিল প্ৰধানমন্ত্ৰী

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্য অনুষ্ঠানত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ছৈয়দ আতা হাছমাইন উপস্থিত থাকিব। এই দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়েই এই অনুষ্ঠানত ভাৰতক আনুষ্ঠানিকভাৱে প্রতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশিকয়ানে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ আনুষ্ঠানিক আমন্ত্রণ জনাইছিল। কিন্তু প্রধানমন্ত্রী মোদী অনুষ্ঠানত উপস্থিত নাথাকি চৰকাৰৰ হৈ কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল তথা বৰ্তমানৰ বিহাৰৰ ৰাজ্যপাল ছৈয়দ আতা হাছনেইনসহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াৰ দ্বাৰা গঠিত এটা প্রতিনিধিৰ দল প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা অসম সন্তান মাৰ্ঘেৰিটাক ভাৰতৰ কূটনৈতিক প্রতিনিধি দলত অন্তর্ভুক্ত কৰাটো তাৎপর্যপূর্ণ বুলি বিবেচনা কৰা হৈছে। 

একেদৰে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল তথা কাশ্মীৰত দীর্ঘদিন সামৰিক দায়িত্ব পালন কৰাৰ পিছত বৰ্তমান বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ছৈয়দ আতা হাছনেইনক এই প্রতিনিধি দলত অন্তর্ভুক্ত কৰাক লৈও চর্চা চলিছে। মন কৰিব লগীয়া কথা যে অহা ৪ জুলাইৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়াৰ ধৰ্মীয় ৰীতি-নীতিসমূহ আৰম্ভ হ'ব আৰু ৯ জুলাইত উত্তৰ-পূব ইৰানৰ পৱিত্ৰ চহৰ মাশ্বহাদত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হ'ব। খামেনেইৰ জন্ম এই মাশ্বহাদ চহৰতে হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা বিমান আক্ৰমণৰ প্ৰথম দিনটোতে ৮৬ বছৰীয়া খামেনেই নিহত হৈছিল। তেওঁ সুদীর্ঘ ৩৬ বছৰ ধৰি ইছলামিক ৰিপাব্লিক ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে দেশখন পৰিচালনা কৰি আছিল। প্রণিধানযোগ্য যে খামেনেইৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ তাৰিখক লৈ বহুত জল্পনা-কল্পনা চলি আছিল। 

এই শেষকৃত্য অনুষ্ঠানত তেহৰান, মাশ্বহাদ আৰু কোম চহৰত প্ৰায় দুই কোটি শোকাকুল জনসাধাৰণ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফকে ধৰি বহুতো আন্তঃৰাষ্ট্ৰীয় নেতাও ইয়াত উপস্থিত থকাৰ কথা। যদিহে এই জনসমাগম সঁচাকৈয়ে হয়, তেন্তে ই ১৯৮৯ চনত ইৰানৰ প্ৰতিষ্ঠাপক আয়াতুল্লাহ ৰূহুল্লাহ খোমেইনীৰ শেষকৃত্যত হোৱা এক কোটি লোকৰ সমাৱেশকো চেৰ পেলাব।

Share This