১৯৫৪ চনৰ পৰা এতিয়ালৈকে কুম্ভমেলাত হোৱা অঘটন
ডিজিটেল ডেস্ক : ■ ১৯৫৪ : কুম্ভমেলাত ঠেলা-হেঁচাত পদপিষ্ট হৈ মৃত্যু হোৱা আটাইতকৈ ভয়ংকৰ ঘটনাটো ঘটিছিল ১৯৫৪ চনত। সেইবাৰ এই ঘটনাত প্রায় ৮০০ লোকে প্রাণ হেৰুৱাইছিল। ১৯৫৪ চনৰ তিনি ফেব্ৰুৱাৰীত কুম্ভমেলা উপলক্ষে এলাহাবাদত (এতিয়াৰ প্রয়াগৰাজ) মৌনী অমাৱস্যা উপলক্ষে স্নান কৰাৰ বাবে বৃহৎসংখ্যক ভক্তৰ ভিৰ হৈছিল। সেইবাৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ বা গংগাত বুৰ গৈ প্রায় ৮০০ লোকৰ মৃত্যু হৈছিল।
■ ১৯৮৬: ১৯৮৬ চনত হৰিদ্বাৰত অনুষ্ঠিত হোৱা কুম্ভমেলাত তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বীৰ বাহাদুৰ সিঙে আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী সাংসদসহ তাত উপস্থিত হয়। সেই সময়ত ভক্তসকলক নদীৰ পাৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছিল। ইয়াৰ ফলত এটা সময়ত অত্যধিক ভিৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয়। এই ঘটনাত প্রায় ২০০জন লোকৰ মৃত্যু হয়।
■ ২০০৩: মহাৰাষ্ট্ৰৰ নাছিকত ২০০৩ চনত হোৱা কুম্ভমেলাত গোদাৱৰী নদীত পৱিত্ৰ স্নানৰ বাবে বৃহৎসংখ্যক ভক্তৰ সমাগম হৈছিল। সেই সময়তে তাত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ কমেও ৩৯জন লোকে প্রাণ হেৰুৱায়।
■ ২০১৩: ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ এলাহাবাদ ৰে'ল ষ্টেছনত কুম্ভমেলা উপলক্ষে হোৱা ভিৰৰ ফলত এখন ফুটব্রীজ ভাগি পৰাত কমেও ৪২জন লোকৰ মৃত্যু হয় আৰু আন ৪৫জন লোক আহত হয়।
■ ২০২৫: ২০২৫ চনৰ ২৮ জানুৱাৰীৰ শেহ নিশা প্রায় ২ বজাত প্রয়াগৰাজত কুম্ভমেলাত হোৱা ঠেলা-হেঁচাত কমেও ৪০জন লোক নিহত হয়।