ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে আহত ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ শাৰীৰিক অৱস্থা দ্রুত গতিত অৱনমিত হৈছে। আঘাতপ্রাপ্ত নেতাজন 'সংজ্ঞাহীন' হৈ পৰিছে আৰু বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা অব্যাহত আছে। দেশখনৰ পৱিত্ৰ মহানগৰ হিচাপে জনাজাত 'কৌম মহানগৰ'ত তেওঁৰ চিকিৎসা চলি আছে।
উল্লেখযোগ্য যে ইজৰাইল-মার্কিন আক্রমণত ২৮ ফেব্ৰুৱাৰীত ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। এই আক্রমণতে আলী খামেনেইৰ পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইও গুৰুতৰভাৱে আহত হৈছিল। ইমানদিনে আহত মুজতবাৰ চিকিৎসা ৰাছিয়াত চলি থকা বুলি প্ৰচাৰ চলিছিল যদিও সোমবাৰে প্ৰথমবাৰৰ বাবে তেওঁৰ চিকিৎসা নিজ দেশতে চলি থকা বুলি তথ্য প্রকাশ পায়। দেশখনৰ কৌম মহানগৰত তেওঁৰ চিকিৎসা চলি আছে।
সংজ্ঞাহীন হৈ থকা ৫৬ বছৰীয়া নেতাগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু তেওঁ কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই বুলি সূত্ৰত প্রকাশ। আমেৰিকা আৰু ইজৰাইলৰ চোৰাংচোৱাই উপসাগৰীয় মিত্ৰ ৰাষ্ট্ৰসমূহক প্ৰদান কৰা তথ্যতে এই কথা প্রকাশ পোৱা বুলি জানিব পৰা গৈছে।