ডিজিটেল ডেস্ক: ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ যুদ্ধ চলি থকাৰ মাজতে আমেৰিকাই ইৰানৰ নৱনিৰ্বাচিত সর্বোচ্চ নেতা আয়াতুল্লা মোজতাবা খামেনেইসহ দেশখনৰ জ্যেষ্ঠ সামৰিক নেতা আৰু চোৰাংচোৱা বিষয়াৰ তথ্য দিয়াৰ বাবত ১০ মিলিয়ন ডলাৰ (৯২.৬ কোটি) পুৰস্কাৰ ঘোষণা কৰিছে। এই পুৰস্কাৰ ইৰানৰ ইছলামিক শীর্ষ শীর্ষ কমাণ্ডাৰৰ গার্ড কর্পছৰ (আই আৰ জি চি) ১০জন শীর্ষ কমাণ্ডাৰৰ তথ্য দিব পাৰিলেও দিয়া হ'ব বুলি মার্কিন প্রশাসনে ঘোষণা কৰিছে।
উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্রমণত কেইবাজনো শীর্ষ ইৰানী সেনা বিষয়াৰ লগতে সর্বোচ্চ নেতা আলী খামেনেই নিহত হৈছিল। ইয়াৰ পাছতে আলী খামেনেইৰ পুত্ৰ মোজতাবাক ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে নির্বাচন কৰা হয়। মোজতাবা খামেনেই সর্বোচ্চ নেতা হিচাপে নির্বাচিত হোৱাৰ পাছতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে নৱনির্বাচিত সর্বোচ্চ নেতাজনক হত্যৰ ভাবুকি দি আছে। ইফালে, পিতৃক আক্রমণ কৰাৰ সময়তে আমেৰিকাই মোজাতাবা খামেনেইকো আহত কৰিছিল বুলি বাতৰি ওলাইছে। কিন্তু যোৱা বৃহস্পতিবাৰে মোজতাবা খামেনেই সর্বোচ্চ নেতা নির্বাচিত হোৱাৰ পাছত প্ৰথমটো ৰাজহুৱা বিবৃতি প্রকাশ কৰিছিল।
আনহাতে, নৱনিৰ্বাচিত সর্বোচ্চ নেতা মোজাতাবাৰ লগতে ই ৰানৰ নিৰাপত্তা মুৰব্বী আলী লাবিজানীৰ, চোৰাংচোৱা মন্ত্রী ইছমাইল খাতিবসহ কেইবাজনো মন্ত্ৰীৰ তথ্য দিওঁতাজনক মুঠ ৯২.৬ কোটি টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে মার্কিন প্রশাসনে।