২১ জুলাইৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্ক : সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৱে বুধবাৰে এই কথা জনায়। তেওঁ সাংবাদিকক কয় যে প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে উক্ত তাৰিখত অনুমোদন দিছে। উক্ত অধিৱেশনৰ আহ্বান জনাবলৈ কেবিনেট সমিতিৰ অনুমোদন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব। 

ইফালে কংগ্ৰেছে বুধবাৰে অভিযোগ কৰে যে বিৰোধী ইণ্ডিয়া মর্চাই দাবী কৰা পহলগামৰ আক্ৰমণৰ বিষয়ত বিশেষ অধিবেশনৰ পৰা 'পলায়ন কৰিবলৈকে' সচৰাচৰতকৈ ৪৭ দিন আগতে সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিনৰ কথা ঘোষণা কৰা হৈছে। 

সামাজিক মাধ্যম এক্সৰ এটা প'ষ্টত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে সাধাৰণতে সংসদৰ অধিৱেশনৰ কথা কেইদিনমান আগতেহে ঘোষণা কৰা হয়। কিন্তু কেতিয়াও ৪৭দিন আগতে ঘোষণা কৰা হোৱা নাই।

Share This