ডিজিটেল ডেস্ক : সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই অধিৱেশন তিনি সপ্তাহ ধৰি চলিব। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে মঙলবাৰে এই কথা প্রকাশ কৰে। অৱশ্যে, সংসদীয় পৰিক্ৰমাৰ বিষয়ত কেবিনেট সমিতিয়ে এই ক্ষেত্রত এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত লোৱা নাই। সাধাৰণতে বর্ষাকালীন অধিৱেশন চাৰি সপ্তাহ ধৰি চলে যদিও এইবাৰ সংসদীয় কার্যক্রমণিকা হ্রাস কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অসম, পশ্চিম বংগ আৰু পুডুচেৰীৰ বিধানসভাত বিজেপিয়ে জয়লাভ কৰাৰ পাছত এইখন প্ৰথম সংসদৰ অধিৱেশন হ'ব। মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ২০ সাংসদে আৰু উদ্ধৱ থাকৰেৰ ৬ সাংসদে ইতিমধ্যে তেওঁলোকৰ দল ত্যাগ কৰি শাসক এন ডি এ মর্চাক সমর্থন দিছে।
আনহাতে, দুয়োটা বিদ্রোহী সাংসদৰ গোটক পৃথক হিচাপে স্বীকৃতি এতিয়ালৈকে অধ্যক্ষ ওম বিৰলাই দিয়া নাই। আনহাতে, বিভিন্ন বিৰোধী দলৰ সাংসদে এন ডি এ মর্চাক সমর্থন দিয়াৰ কথা প্রকাশ কৰাৰ সময়তে দুয়োখন সদনতে শাসক মৰ্চাৰ শক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।