চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন

dainik janambhumi October 20, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ চন্দ্ৰযান-২ অভিযানে এক বিশেষ সাফল্য লাভ কৰিছে। চন্দ্রযানত থকা 'চন্দ্রজ, এটমস্ফিয়েৰিক কম্প'জিশ্যন এক্সপ্ল'ৰাৰ-২য়ে (চাচ-২) সূৰ্যৰ মুকুট ভৰ নিৰ্গমণে (চি এম ই) চন্দ্ৰপৃষ্ঠত কেনে ধৰণৰ প্ৰভাৱ পেলায় সেই কথা জানিব পাৰিছে। 

চাচ-২এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যেতিয়া চি এম ইয়ে চন্দ্রত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায়। সেই সময়ত চন্দ্ৰৰ এই অংশটোৰ বায়ুমণ্ডলৰ চাপ এহেজাৰ গুণতকৈ অধিক বৃদ্ধি পায়। সঁজুলিবিধে লাভ কৰা এই তথ্য ইয়াৰ আগতে বিজ্ঞানীসকলে তৈয়াৰ কৰা মডেলৰ সৈতে মিলি গৈছে। বিজ্ঞানীসকলে এনে ধৰণৰ প্ৰভাৱৰ ভৱিষ্যবাণী কৰিছিল। চন্দ্ৰৰ বায়ু মণ্ডল অতি পাতল আৰু ইয়াক এগজ'স্ফিয়েৰ বুলি কোৱা হয়। 

চন্দ্ৰত চি এম ইৰ প্ৰথম প্ৰভাৱ চাচে-২য়ে দেখা পাইছিল যোৱা বছৰ ১০ মে'ত। সেই দিনা বৃহৎ হাৰত চি এম ই হৈছিল। ই চন্দ্রপৃষ্ঠত খুন্দা মৰাৰ পাছত চন্দ্ৰপৃষ্ঠৰ পৰা পৰমাণু বাহিৰলৈ ওলাই যোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ পৰিছিল। এই পৰমাণু এগজ'স্ফিয়েৰত প্ৰৱেশ কৰে। ফলত এগজ'স্ফিয়েৰ চাপ বৃদ্ধি পাইছিল।

Share This