হাজাৰ হাজাৰ টাই আহোমৰ জোঁৰ সমদলে কঁপালে মৰাণ

dainik janambhumi October 29, 2025

ডিজিটেল ডেস্কঃ জনজাতিকৰণক লৈ মঙলবাৰে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে গর্জন তুলিলে মৰাণত। মৰাণৰ ঊষাপুৰ খেলপথাৰত সন্ধিয়া হাজাৰ হাজাৰ লোক সমৱেত হৈ প্রথমে শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই ম'বাইলৰ লাইটেৰে মায়াবিনী গীত পৰিৱেশন কৰে সকলোৱে।

 ইয়াৰ পাছতে টাই আহোমৰ কেইবাটাও সংগঠন একত্রিত হৈ ঐক্যবদ্ধ টাই আহোম সমাজৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্রতিবাদী জোঁৰ সমদল। জোঁৰ সমদলত উজনিৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰে।

 'বিজেপি হায় হায়', 'ন' এছটি ন' ৰেষ্ট', 'জনজাতিকৰণক লৈ প্ৰতাৰণা নচলিব' আদি শ্ল'গানেৰে মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে প্রতিবাদকাৰীয়ে। ঊষাপুৰ খেল পথাৰৰ পৰা মৰাণৰ বিশাল মার্কেটৰ সমীপলৈকে উলিওৱা এই সমদলৰ অন্তত মৰাণৰ মাজমজিয়াত এক প্রতিবাদী সভা অনুষ্ঠিত হয়। প্রতিবাদী সভাত টাই পা নেতা ৰুদ্রসাগৰ বৰগোহাঁই, উত্তম দিহিঙীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দেৱজিত বৰুৱা, আটাছু নেতা দেৱজিত গগৈয়ে ভাষণ প্রদান কৰি জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তোলে। 

ট্রাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীকো তীব্র সমালোচনা কৰে নেতাকেইজনে। জোঁৰ সমদলত অংশ লৈ টাইপা কেন্দ্রীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কোনো কাৰণতে জনজাতিকৰণক লৈ আপোচ কৰা নহ'ব বুলি হুংকাৰ দিয়ে। ইফালে জনজাতিকৰণৰ বিষয়টোক আইনী মেৰপাকত ভৰাই চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আহোম জনগোষ্ঠীসহ ছয় জনগোষ্ঠীক। এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি কৈ ২০২৬ ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে আহোমৰ নেতাকেইজনে।

Share This