২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বর্ষত দেশে ১,৪৬,০১,১৪৭ ইউনিট ৰক্ত সংগ্রহ কৰিছে, যি বার্ষিক ১৪.৬ মিলিয়ন ইউনিটৰ প্রয়োজনতকৈ অধিক। ৰাজ্য সভাত মঙলবাৰে চৰকাৰে এই কথা প্রকাশ কৰে। 

ই ২০২৩ চনত সংগ্ৰহ হোৱা ৰক্তৰ পৰিমানত কৈ ১৫% অধিক, যি ১,২৬,৯৫,৩৬৩ ইউনিট আছিল দেশত। স্বেচ্ছামূলক ৰক্তদান প্রায় ৭০% আৰু বাকীখিনি ৰোগীক ৰক্তদান কৰা পৰিয়ালৰ সদস্য বা বন্ধু। এটা লিখিত প্ৰশ্নৰ উত্তৰত স্বাস্থ্য ৰাজ্য মন্ত্ৰী প্ৰতাপৰাও যাদৱে এই কথা প্রকাশ কৰি কয় যে চৰকাৰে বিভিন্ন অংশীদাৰৰ জৰিয়তে সুৰক্ষিত ৰক্তদানৰ প্রয়োজনৰ সজাগতা বিয়পাবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

Share This