সামাজিক মাধ্যমত প্রতিবাদ, ১০ লাখৰো অধিকে লিখিলে 'হেশ্বটেগ জাষ্টিচ ফৰ জুবিন'

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ দাবীত চলি থকা ডিজিটেল প্রতিবাদত অংশগ্ৰহণকাৰীৰ সংখ্যা ১ মিলিয়ন অর্থাৎ ১০ লাখ অতিক্ৰম কৰি ন্যায়ৰ দাবীটো সমগ্র বিশ্বতে অধিক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

হেশ্বটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখি বিগত কেইবাদিনো ধৰি অসমবাসীয়ে সাব্যস্ত কৰি অহা এই ডিজিটেল প্রতিবাদ মঙলবাৰৰ পৰা জোৰদাৰ ৰূপ লয় আৰু আজি এই দাবীযুক্ত মেছেজৰ সংখ্যাই ১০ লাখ অতিক্ৰম কৰি যায়।

১ মিলিয়ন প্রতিবাদ হোৱাৰ লগে লগেই জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা বৃদ্ধি পায়।

Share This