ইৰানৰ প্ৰতিবাদত মৃত্যু তিনি সহস্রাধিকৰ

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : ইৰানৰ মুদ্রা ৰিয়ালৰ মূল্য হ্রাস পোৱা তথা দেশৰ অর্থনীতিৰ পতন ঘটাৰ বাবে যোৱা ২৮ ডিচেম্বৰত ইৰাণত আৰম্ভ হোৱা প্রতিবাদ এতিয়া সমগ্র দেশখনলৈ বিয়পি পৰিছে আৰু এতিয়া ই অর্থনৈতিকৰ পৰা ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত হৈছে। প্রতিবাদকাৰীয়ে ধর্মীয় নেতা আয়াতোল্লা আলী খামেনেইৰ নেতৃত্বৰ মোল্লাৰ শাসনৰ অৱসান বিচাৰিছে। 

আনহাতে চৰকাৰে অভিযোগ কৰিছে যে এই প্রতিবাদত ইন্ধন যোগাইছে আমেৰিকা আৰু ইজৰাইলে। বেচৰকাৰী তথ্য মতে প্রতিবাদ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে৩,৪০০তকৈ অধিক লোকৰ মৃত্যু হৈছে। নৰৱেত থকা নিৰপেক্ষ আৰু ৰাজনৈতিকভাৱে স্বতন্ত্র সংগঠন ইবান হিউমেন ৰাইটছ (আই এইচ আৰ এন জি অ')-এ দাবী কৰিছে যে চৰকাৰ-বিৰোধী ১৮ দিনীয়া দেশজোৰা প্ৰতিবাদৰ সময়ত ৩,৪২৮ জন প্রতিবাদকাৰীক হত্যা কৰা হৈছে। সংগঠনটোৱে কয় যে ইৰানৰ স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান মন্ত্ৰ্যালয়ৰ পৰা জানিব পৰা মতে কেৱল ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীৰ ভিতৰতে ৩,৩৭৯জন লোকক হত্যা কৰা হৈছে। ইফালে আমেৰিকাৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ইৰানে বাণিজ্যিক বিমান পৰিবহণৰ বাবে দেশৰ আকাশমণ্ডল বন্ধ কৰে। 

অৱশ্যে পাঁচ ঘণ্টাৰ পাছত আকাশমণ্ডল মুকলি কৰা হয়। ইৰানে নিজৰ আকাশ মণ্ডল বন্ধ কৰাৰ সময়তে আমেৰিকাই মধ্য প্রাচ্যৰ ঘাটিৰ পৰা কিছু জোৱান প্রত্যাহাৰ কৰাৰ খবৰ পোৱা গৈছে। আমেৰিকাই আক্ৰমণ কৰিলে প্রতিবেশী দেশসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে আক্রমণ চলাব বুলি সকীয়নি দিয়াৰ পাছতে আমেৰিকাৰ বাহিনী প্রত্যাহাৰ কৰা হয়। ইফালে ইৰানত প্রতিবাদৰ বাবে চৰকাৰে দীর্ঘদিন ধৰি ইন্টাৰনেট সেৱা বন্ধ ৰাখিছে।

Share This