জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চি চি টিভিত বন্দী  নৃশংসতা

Kakali Deka June 17, 2025

ডিজিটেল ডেস্কঃ  এটা শহুৰেকৰ পৰিয়ালৰ নৃশংসতাৰ কাহিনী পোহৰলৈ আহিছে। আমাৰ ভাৰতীয় সমাজত জোঁৱাইৰ আদৰ-সাদৰ অতি বেছি। জোঁৱাই আহিছে বুলিলেই শহুৰেকৰ ঘৰৰ মানুহৰ গা সাতখন-আঠখন হয়। কিন্তু এজন জোঁৱাই ইমানেই দুৰ্ভগীয়া ওলাল যে তেওঁ শহুৰেকৰ ঘৰত নিৰ্মম প্ৰহাৰৰ সন্মুখীন হ'ল। 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাঘপাটত। অভিযোগ অনুসৰি, তেওঁ তেওঁৰ পত্নীক ‘অচিনাকি বন্ধু’ৰ সৈতে হলি-গলি কৰাত বাধা দিছিল। সেই কথাতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল শহুৰৰ ঘৰে। জোঁৱাইক ইমানেই বেয়াকৈ প্ৰহাৰ কৰিছিল যে তেওঁৰ মুখখন তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল আৰু তেওঁৰ চিঞৰবোৰ গোটেই ৰাস্তাটোত প্ৰতিধ্বনিত হৈছিল। 

এই ঘটনাৰ চি চি টিভি ফুটেজো ওলাইছে, য’ত মাত্ৰ ২৫ ছেকেণ্ডত ৩৫টা ঘোচা মৰা দেখিবলৈ পোৱা গৈছে। এজন যুৱকে অবিৰতভাৱে জোঁৱাইৰ মুখত ঘোচা মাৰি থকাৰ বিপৰীতে আনজনে মাটিৰ পৰা শিল তুলি লৈ জোঁৱাইজনক প্ৰহাৰ কৰিছিল। প্ৰহাৰৰ বৰ্বৰতা এনেকুৱা আছিল যে তেওঁক বেৰত খুন্দা মাৰিও যেতিয়া তেওঁলোকে সন্তুষ্ট নহ’ল, তেতিয়া জোঁৱাইৰ ভৰিত ধৰি মাটিত পেলাই দিলে।

ভুক্তভোগী ৰোহিত নামৰ জোঁৱাইজনে তেওঁৰ পত্নীৰ আচৰণ ভাল নহয় বুলি অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ এগৰাকী অচিনাকি যুৱক তেওঁৰ ঘৰলৈ আহিছিল, সেই লোকজনক ৰোহিতে খেদি পঠিয়াইছিল। এই কথা শহুৰেকৰ ঘৰে গম পোৱাত তেওঁলোকৰ খং উঠিল। নিশা শহুৰৰ ঘৰৰ ৭জন লোক তেওঁৰ ঘৰত উপস্থিত হয় আৰু মাৰাত্মকভাৱে আক্ৰমণ কৰে।

সমগ্ৰ ঘটনাটো স্থানীয় অঞ্চলটোৰ চি চি টিভি কেমেৰাত বন্দী হৈছে। সম্প্ৰতি আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগ অনুসৰি তদন্ত অব্যাহত ৰাখিছে । এই তথ্য আৰক্ষীয়ে এক্স হেণ্ডেলৰ জৰিয়তে দিছে। গোচৰটোত ৰোহিতে (ভুক্তভোগী) কয়- ''মোৰ পত্নীৰ চৰিত্ৰ বেয়া, এজন অচিনাকি ব্যক্তিয়ে তেওঁক লগ কৰিবলৈ আহিছিল, মই বাধা দিয়াৰ কাৰণে শহুৰৰ পৰিয়ালে মোক মাৰপিট কৰিছে।''

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This