মৌনী অমাৱস্যাত ত্ৰিৱেণী সংগমত ৪ কোটিৰো অধিক লোকৰ স্নান

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : প্রয়াগৰাজত অনুষ্ঠিত মাঘ মেলাত কালি মৌনী অমাৱস্যাৰ দিনা অভিলেখসংখ্যক ভক্তৰ আগমন ঘটে। প্রশাসনে দাবী কৰা মতে, দেওবাৰে ত্রিৱেণী সংগমত ৪ কোটিতকৈ অধিক লোকে স্নান কৰে। দেওবাৰে পুৱা ৪ বজাত স্নান আৰম্ভ হয়। কিন্তু সূর্যোদয়ৰ লগে লগে ভক্তৰ সংখ্যা দ্রুতভাৱে বৃদ্ধি পাবলৈ ধৰে। 

আগবেলা ১১ মান বজালৈ প্রায় ১ কোটি লোকে স্নান কৰে। সমাগম অত্যধিক হোৱা দেখি আৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনা সলনি কৰি মানুহৰ ভিৰ হোৱা অঞ্চলৰ পৰা অন্য স্থানলৈ ভক্তক পঠায় তথা বিকল্প পথেৰে তেওঁলোকক ঘাটলৈ যাবলৈ নিদের্শ দিয়ে। ৫ বজালৈ ৪ কোটিতকৈ অধিক লোকে ত্রিৱেণী সংগমত স্নান কৰে।

Share This