ডিজিটেল ডেস্ক : দেশৰ দ্রুতগতিত নগৰীকৰণ বৃদ্ধি হোৱাৰ সময়তে ভাৰতত ৪১.৩ কোটিতকৈ অধিক বাহনৰ পঞ্জীয়ন হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ নীতি বিশেষজ্ঞসকলে নগৰীয়া পৰিবহণৰ ক্ষেত্ৰত এটা নতুন নীতি অনাত গুৰুত্ব আৰোপ কৰিছে। 'ইণ্ডিয়ান স্কুল অব্ পাব্লিক পলিচিয়ে ৰাষ্ট্ৰীয় নগৰীয়া পৰিবহণ নীতি ২০০৬ত এটা ব্যাপক পর্যালোচনা চলাইছিল।
সংস্থাটোৰ এটা বিবৃতিত প্রকাশ পাইছে যে ২০০৬ চনত ভাৰতত ৯ কোটি বাহন আছিল। কিন্তু ২০২৫ চনত ভাৰতত ৪১.৩ কোটি বাহনৰ পঞ্জীয়ন হয়। দুটা দশকৰ ভিতৰত দেশত প্রায় ৩২ কোটি বাহন বৃদ্ধি হ'ল। ভাৰতৰ পথত বাহনৰ এই বৃদ্ধিয়ে নগৰীয়া পৰিবহণ ব্যৱস্থাত অতিৰিক্ত প্ৰভাৱ পেলাইছে আৰু ২০০৬ চনৰ ৰাষ্ট্ৰীয় নগৰীয়া পৰিবহণ নীতি অথলে যোৱাটোকে প্রতিফলিত কৰিছে। ২০০৬ চনৰ নগৰীয়া পৰিবহণ নীতিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাক উদগনি দিবলৈ লক্ষ্য লোৱা হৈছিল। ঠিক সেইদৰে-নগৰীয়া অঞ্চলত মেট্ৰ' ৰে'ল প্ৰকল্পক অগ্রাধিকাৰ দিয়া হৈছিল যদিও সেয়াও ফলপ্রসূ ৰূপায়ণ নহ'ল।
বিশেষজ্ঞসকলে কয় যে নগৰীয়া পৰিবহণৰ ক্ষেত্ৰত লোৱা পৰিকল্পনা সঠিকভাৱে ৰূপায়ণ হোৱা নাই। ইয়াৰ ভিতৰত পার্কিং ব্যৱস্থাপনা, নগৰীয়া মাল পৰিবহণ, এপ ভিত্তিক পৰিবহণ সেৱা, ই-কমার্চ লজিষ্টিক আৰু জলবায়ু অনুকূল পৰিবহণ পদ্ধতি। দেশৰ নগৰীয়া পথত বাহনৰ বৃদ্ধিয়ে যান-জঁটৰ সমস্যা আৰু বায়ু প্ৰদূষণৰ প্ৰভাৱ গুৰুতৰভাৱে বৃদ্ধি হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।