ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ ৯২০টা মৃতদেহ উদ্ধাৰ, ভেনিজুৱেলাত ৫০ সহস্রাধিক সন্ধানহীন

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত যোৱা ২৫ জুনত ১ মিনিটৰ ভিতৰত হোৱা দুটা প্রবল ভূমিকম্পৰ পাছত নিহত হোৱা লোকৰ সংখ্যা শুকুৰবাৰে ৯২০ জনলৈ বৃদ্ধি পায়। ইফালে ৰাষ্ট্ৰসংঘৰ সাহায্য বিভাগৰ মুৰব্বীয়ে জনায় উক্ত দুটা প্রবল ভূমিকম্পৰ পাছত দেশখনত ৫০,০০০তকৈ অধিক লোক সন্ধানহীন হৈ আছে। তেওঁ আৰু কয় যে মৃত্যু হোৱা লোকৰ সংখ্যা 'বহুত বাঢ়ি যোৱা'ৰ আশংকা আছে। ইফালে এই ভূমিকম্পত আহত হোৱা লোকৰ সংখ্যা হৈছে ৩,৩৬০ জন। 

ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা আৰু জৰুৰী সাহায্য সমন্বয়ক বিভাগৰ অবৰ সচিব প্রধান টম ফ্লেচাৰে কয়, '৫০ সহস্রাধিক লোক সন্ধানহীন হৈ আছে। যিমান পাৰোঁ তেওঁলোকৰ সন্ধান উলিওৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা কমকৈ ৰখাৰ চেষ্টা কৰাটো আমাৰ কাম। কিন্তু স্পষ্ট যে মৃত্যু হোৱা লোকৰ সংখ্যা 'বহুত বাঢ়ি যোৱা'ৰ আশংকা আছে।' ইফালে 'ইন্ডিপেন্ডেন্ট' নামৰ সংবাদপত্ৰৰ মতে শনিবাৰলৈকে সন্ধানহীন লোকৰ সংখ্যা ৫১,০০০তকৈ অধিক। 

উল্লেখযোগ্য যে যোৱা ২৫ জুনত, স্থানীয় সময়মতে সন্ধিয়া ৬.০৪ বজাত (ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পুৱতি নিশা ৩.৩৪ বজা) ৭.২ প্রাবল্যৰ এটা ভূমিকম্পৰ পাছতে ৬.০৫ বজাত (ভাৰত ৩.৩৫) ৭.৫ প্রাবল্যৰ আন এটা ভূমিকম্পই দেশখন জোকাৰি যায়। কাৰাকাছৰ বাসিন্দাৰ মতে, ভূমিকম্পত ৬০ ছেকেণ্ড মহানগৰখন লৰি থাকে। ইয়াৰ পাছত ২০টা আফটাৰশ্বকো হয়। এই ভূমিকম্পত দেশখনৰ প্ৰধান বিমান বন্দৰ ছাইমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ক্ষতিগ্রস্ত হয় আৰু বন্ধ কৰি দিয়া হয়। ইফালে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ পৰা প্ৰায় ১,৭০০ কিল'মিটাৰ সুদূৰৰ ব্রাজিলৰ আমাজান অঞ্চলৰ বিভিন্ন ঠাইত ঘৰবোৰ খালী কৰোৱা হয়। 

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ কাষৰ উপকূলীয় ৰাজ্য তথা দেশখনৰ প্ৰধান বিমান বন্দৰটো থকা লা গুৱাইৰাই উক্ত ভূমিকম্পৰ বাবে আটাইতকৈ বেছি পীড়িত হয়। বর্তমান কাৰাকাছ-লা গুৱাইৰা পথত পানী, খাদ্য আৰু ঔষধ লৈ যোৱা স্বেচ্ছাসেৱীৰ লানি। উক্ত ভূমিকম্পত পর্তুগালৰ ৯জন আৰু স্পেইনৰ ৩জন নাগৰিকৰো মৃত্যু হয়। ভেনিজুৱেলাৰ বিদেশ মন্ত্ৰ্যালয়ে এই কথা জনায়। স্পেইনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মতে উক্ত ভূমিকম্পৰ পাছত স্পেইনৰ ৯৯জন লোক সন্ধানহীন হৈ আছে। আনহাতে, পর্তুগালৰ বিদেশ মন্ত্ৰ্যালয়ৰ মতে দেশখনৰ ৫৬জন নাগৰিক ভেনিজুৱেলাত সন্ধানহীন। 

শুকুৰবাৰে বিদেশী উদ্ধাৰকাৰী দলসমূহ ভেনিজুৱেলাত উপস্থিত হোৱা আৰম্ভ হৈছে। তাৰ ভিতৰত দশক দশক ধৰি ভেনিজুৱেলাৰ বিৰোধিতা কৰা দেশো আছে। কালি লা গুৱাইৰাত প্ৰথম উপস্থিত হয় ডমিনিকান ৰিপাব্লিকৰ সৰু এটা দল। ভাৰত আৰু ছুইজাৰলেণ্ডকে ধৰি কেইবাখনো দেশে উদ্ধাৰকাৰী দল আৰু সাহায্য সামগ্রী প্ৰেৰণ কৰিছে। 

ভাৰতে ৬০ পেৰাচুট ফিল্ড এম্বুলেন্সৰ ৪১ জন সদস্যক শনিবাৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ চি-১৭-ৰ যোগেদি প্ৰেৰণ কৰে। মেক্সিকোৱে ২৫০, এল ছালভাডৰে ১৮৮ আৰু স্পেইনে প্রায় ১০০জনীয়া উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। কলম্বিয়াৰ বায়ু সেনা বাহিনীয়ে প্ৰেৰণ কৰিছে ৬৩জন উদ্ধাৰকাৰী।

Share This