ডিজিটেল ডেস্ক: দেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আয়োজন কৰা নীট-ইউ জিক বিভিন্ন বিতৰ্কৰ আৱৰি ধৰা আৰু প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই সমগ্র দেশক জোকাৰি পেলোৱাৰ সময়তে অহা ২১ জুনত বাতিল কৰা নীট-ইউ জি পুনৰ অনুষ্ঠিত হ'ব। এইবাৰৰ পৰীক্ষাত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে।
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু পৰীক্ষাৰ প্ৰতি থকা আস্থা পুনৰ বাহাল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও এইবাৰ যৎপৰোনাস্তি চেষ্টা চলাইছে। এইবাৰ নীট-ইউ জি পৰীক্ষা কেন্দ্ৰসমূহক অভেদ্য দুর্গত সদৃশ দেখা পোৱা যাব। আন কথাত এইবাৰ পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট-ইউ জিত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হ'ব। সমগ্ৰ দেশৰ পৰীক্ষা কেন্দ্রসমূহত ৫ লাখতকৈ অধিক কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা বাহিনীৰ লোকক মোতায়েন কৰা হ'ব। ইয়াৰ লগতে দুই লাখতকৈ অধিক আৰক্ষী, গৃহৰক্ষী বাহিনীৰ জোৱান, জিলা প্ৰশাসনৰ বিষয়া আৰু বিশেষ প্রশিক্ষক পৰীক্ষা কেন্দ্রত উপস্থিত থাকিব। আনহাতে স্পৰ্শকাতৰ বুলি গণ্য কৰা পৰীক্ষা কেন্দ্ৰসমূহত স্থানীয় আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনীৰ লোকক নিৰাপত্তাৰ দায়িত্ব অর্পণ কৰা হ'ব।
ইফালে নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱাটো প্ৰতিৰোধ কৰাৰ কাৰণে কেইবাটাও পৰ্যায়ত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশৰ পৰীক্ষা কেন্দ্ৰসমূহত এক লাখতকৈ অধিক চি চি টিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত নিৰীক্ষণ প্ৰণালীৰো ব্যৱস্থা কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰত হোৱা যিকোনো অনিয়মক তৎক্ষণাৎ ধৰা পেলাব পাৰিব। ইফালে ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশত বাধা দিয়াৰ বাবে প্ৰৱেশ দ্বাৰত বায়'মেট্রিক/ডিজিটেল ভেৰিফিকেশ্যন অনিবাৰ্য কৰা হৈছে।
উল্লেখযোগ্য যে প্রথমবাৰৰ বাবে নীট-ইউ জিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, স্থানীয় প্রশাসন, আৰক্ষীৰ লগতে কেন্দ্রীয় বিদ্যালয়, নবোদয় বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ নিৰ্বাচিত বিদ্যালয়ক একেখন মঞ্চলৈ অনা হৈছে। ইফালে নীট-ইউ জি পুনৰ অনুষ্ঠিত হোৱাৰ আগে আগে সামাজিক মাধ্যমত অপৰাধীৰ চক্ৰ পুনৰ সক্ৰিয় হৈ পৰে। টেলিগ্ৰামত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি দাবী কৰে এনে অপৰাধীৰ চক্ৰই। এই চাইবাৰ অপৰাধীবিলাকে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ পৰা প্ৰশ্ন কাকত যোগান ধৰাৰ বাবত ৩৫ হাজাৰ টকাৰ পৰা ১০ লাখ টকা দাবী কৰা বুলি অভিযোগ উঠে। এই প্ৰসংগটোৰ প্ৰতি সকলোৰে দৃষ্টি আকর্ষণ কৰে প্ৰিন্স শ্রীবাস্তৱ নামৰ এজন ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যম 'এক্স'ত। তেওঁৰ মতে প্রুফ, প্রাইভেট গ্রুপ আৰু প্রাইভেট মাফিয়া নামৰ টেলিগ্রাম পেজত ভুৱা প্রশ্ন কাকত বিক্ৰীৰ এই অবৈধ ব্যৱসায় এজন ব্যক্তিয়ে চলাই আছিল। তেওঁ প্রমাণ হিচাপে এই গ্ৰুপত প্রকাশ পোৱা কিছুমান ফটোও প্রকাশ কৰে। ইয়াত প্রশ্ন কাকতৰ কিছুমান টোপোলা দেখুওৱা হৈছে আৰু এইবোৰক নীটৰ প্ৰশ্ন কাকত বুলি দাবী কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় টেষ্টিং এজেঞ্চিয়ে বিষয়টো লগে লগে গুৰুত্বসহকাৰে লয় আৰু ইয়াৰ তদন্তৰ দায়িত্ব ছাইবাৰ অপৰাধ কোষক অর্পণ কৰে।
এন টি এই সামাজিক মাধ্যমত প্রকাশ পোৱা এই দাবীক অগ্রাহ্য কৰে। এন টি এ আৰু আৰক্ষীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে পুনৰ অনুষ্ঠিত হ'বলগীয়া নীটৰ কোনো প্রশ্ন কাকত ফাদিল হোৱা নাই। এনে ধৰণৰ প্ৰবঞ্চক তথা অপৰাধীৰ গ্ৰুপৰ পৰা সতৰ্ক হৈ থাকিবলৈও এন টি এই আহবান জনাইছে। ইয়াৰ লগতে টেলিগ্রামত এনে ধৰণৰ চেনেল দেখা পালে লগে লগে ৰাষ্ট্ৰীয় চাইবাৰ ক্রাইম পৰ্টেলত অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।