ডিজিটেল ডেস্কঃ মধ্য প্রদেশৰ বিজাৱাৰ আৰু চাট্টাৰপুৰ জিলাৰ ৫ শতাধিক প্রকৃত ভোটাৰ আই ডি কার্ড স্থানীয় এটা পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 'ৰাজা তালাব' নামৰ পুখুৰীটোত এই ভোটাৰ চিনাক্তকৰণ কাৰ্ডবোৰ যোৱা শনিবাৰে পুখুৰী চাফাই অভিযান চলাওঁতে উদ্ধাৰ কৰা হয়।
বিজাৱাৰৰ ৰাজা তালাবত পৌৰ নিগমৰ কৰ্মচাৰীয়ে এই ভোটাৰ কাৰ্ডবোৰ উদ্ধাৰ কৰাৰ পাছত চৰকাৰী কর্তৃপক্ষই এইবোৰ প্ৰকৃত বুলি নিশ্চিত কৰে। ইয়াৰ পাছতে কর্তৃপক্ষই এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।
স্থানীয় সংবাদ মাধ্যমত প্রকাশ হোৱা অনুসৰি, পুখুৰীটোত চাফাই কর্মীসকলে এটা প্লাষ্টিকৰ বেগ উপঙি থকা প্রত্যক্ষ কৰি বেগটোৰ পৰা এই প্রকৃত ভোটাৰ আই ডি কার্ডবোৰ উদ্ধাৰ কৰে। এতিয়া এই ভোটাৰ কাৰ্ডবোৰ প্ৰশাসনৰ জিম্মাত আছে।