সাগৰত সন্ধানহীন অর্ধশতাধিক, গাম্বিয়াৰ উপকূলত নৌকা দুর্ঘটনা

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : ইউৰোপ অভিমুখে প্রায় ২০০জন প্ৰব্ৰজনকাৰী কঢ়িয়াই নিয়া এখন নাও গাম্বিয়াৰ উপকূলত দুর্ঘটনাগ্রস্ত হোৱাৰ ফলত অর্ধ শতাধিক লোক সন্ধানহীন হৈ আছে। গাম্বিয়াৰ ৰাষ্ট্ৰপতি আদামা বাৰোৱে ঘটনাটোৰ সন্দৰ্ভত কয় যে নতুন বছৰটোত ইউৰোপত সংস্থাপনৰ বাবে যোৱা ২০০ লোক কঢ়িয়াই নিয়া এখন নাও পানীত উফৰি পৰাত সকলো যাত্রী পানীত বুৰ যায়। 

এই ঘটনাত ১০২জন লোকক উদ্ধাৰ কৰা হয় আৰু ৭টা মৃতদেহো উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দেশখনৰ বিশেষ সেৱাৰ বাহিনীসমূহৰ উপৰি মাছমৰীয়াসকলেও উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে। 

উল্লেখযোগ্য যে গাম্বিয়া, ছেনেগাল আৰু মৌৰিটানিয়াৰ শ শ লোকে পশ্চিম আফ্ৰিকাৰ অতি ভয়াৱহ সাগৰীয় পথেৰে ইউৰোপত ভাল কর্মসংস্থাপন বিচাৰি নাৱেৰে অহা-যোৱা কৰে। যাৰ ফলত এনে ঘটনা সংঘটিত হৈ আহিছে। গাম্বিয়াৰ পৰা কেনেৰী দ্বীপ হৈ স্পেইনলৈ নাৱেৰে যাত্রা কৰা এটা দলৰ নাও ২০২৫ চনৰ আগষ্টত সাগৰৰ ঢৌৰ কোবত উফৰি পৰি প্ৰায় ১৫০জন লোকৰ মৃত্যু হৈছিল। ২০২৪ চনৰ জুলাইতো একেধৰণৰ ঘটনাত ১৫০জন লোক সন্ধানহীন হৈছিল।

Share This