মেক্সিকোৰ ৰাজপথত দহ লক্ষাধিক লোকৰ বিজয়োৎসৱ

dainik janambhumi July 02, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ সহযোগী আয়োজক মেক্সিকো চিটিয়ে মঙলবাৰে ইকুৱেডৰৰ বিৰুদ্ধে 'ৰাউণ্ড অব্ ৩২'ৰ মেচখনত এক ইতিহাস সৃষ্টি কৰে। ধুমুহা-বতাহৰ কাৰণে এঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা মেচখনত জুলিয়ান কিউননেজ আৰু ৰাউল জেমেনেজৰ দুভৰিৰ সুন্দৰ প্ৰদৰ্শনৰ বলত মেক্সিকোৱে ৪০ বছৰৰ পাছত নকআউট পৰ্যায়ৰ মেচত পৰাজিত হোৱাৰ ধাৰাৰ অৱসান ঘটায়। জুলিয়ান আৰু ৰাউলে মাত্র ৯ মিনিটৰ ব্যৱধানত দুটাকৈ গ'ল দিয়ে আৰু মেক্সিকোৱে ইকুৱেডৰক ২-০ ব্যৱধানত পৰাজিক কৰি দুকুৰি বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নকআউট পর্যায়ত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়। 

উল্লেখযোগ্য যে ১৯৮৬ চনৰ বিশ্বকাপৰ আয়োজক মেক্সিকোৱে প্রি-কোৱাৰ্টাৰ ফাইনেলত বুলগেৰিয়াক পৰাজিত কৰাৰ পাছৰে পৰা নকআউট পৰ্যায়ত এখনো মেচত জয়ী হ'ব পৰা নাছিল। ইয়াৰ পাছত ১৯৯৪, ১৯৯৮, ২০০২, ২০০৬, ২০১০, ২০১৪ আৰু ২০১৮ চনৰ বিশ্বকাপত একেৰাহে সাতবাৰ নকআউট পৰ্যায়ৰ পূৰ্বেই পৰাজিত হৈছিল। ২০২২ চনৰ বিশ্বকাপত দলটোৱে গ্ৰুপৰ পৰ্যায়ৰ পৰাই বিদায় লৈছিল। তেনে ইতিহাসৰ পাছত মঙলবাৰৰ এই মেচখনত মেক্সিকোৱে জয়লাভ কৰাৰ লগে লগে মেক্সিকোত যেন আনন্দ-উল্লাসৰ বিস্ফোৰণহে ঘটে। লাখ লাখ লোকে ৰাজপথলৈ ওলাই আহি বিজয় উৎসৱ পালন কৰে। বিজয় উৎসৱৰ আৰম্ভণি হয় মেক্সিকো চিটি ষ্টেডিয়ামত খেলৰ অন্তিম হুইছেল বজাৰ লগে লগে। সেই সময়ত ষ্টেডিয়ামখনত মেক্সিকোৰ হাজাৰ হাজাৰ সমৰ্থকে দলৰ বিজয়ত মতলীয়া হৈ আনন্দ-উল্লাস প্রকাশ কৰে। 

আনহাতে, দেশখনৰ ফুটবল প্রেমীসকলে মঙলবাৰে পথলৈ ওলাই আহি এনেধৰণেৰে আনন্দ-উল্লাস প্রকাশ কৰে যে দলটোৱে বিশ্বকাপ জয়েই কৰিলে। মেক্সিকোৰ পথসমূহত দেশখনৰ ফুটবল প্রেমীসকলে সংগীতৰ তালে তালে নৃত্য কৰাও দেখা পোৱা গৈছিল। তাৰ মাজতে ঘটা এটা ঘটনাত তিনিজন লোকে প্রাণ হেৰুৱায়। এই লোক তিনিজনে প্রাণ হেৰুৱায় অত্যধিক ভিৰৰ মাজত উশাহ-নিশাহ ল'ব নোৱাৰাৰ বাবে। এই দুঃখজনক ঘটনাটো ঘটে মেক্সিকো চিটিৰ ঐতিহাসিক স্মাৰক 'এঞ্জেল অব্ ইণ্ডিপেণ্ডেন্স 'লোক কাষৰ হেম্বার্গ' আৰু লেংকেষ্টাৰৰ পথত। সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, এষ্টাডিয়' এজটেকাত মেক্সিকোৰ ২-০ ব্যৱধানত ঐতিহাসিক জয়ৰ ক্ষন্তেক পাছতে পাছেও ডে লা ৰিফৰ্মা আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত দহ লাখতকৈ অধিক ফুটবলপ্রেমী পথলৈ ওলাই আহে। এঞ্জেল অব্ ইন্ডিপেন্ডেন্সৰ চৌদিশে সম্পূর্ণ অঞ্চল জনসমুদ্ৰত পৰিণত হয়। ভিৰৰ হেঁচা ইমানেই বৃদ্ধি পাবলৈ ধৰে যে তাত উপস্থিত থকা লোকসকলে উশাহ-নিশাহ লোৱাত অসুবিধা বোধ কৰিবলৈ ধৰে। এনে অৱস্থাত তিনিজন লোকে প্রাণ হেৰুৱায়।

Share This