ম'হ যুঁজৰ বাবে সাজু মৰিগঞা ম'হ গোৱাল, গোনা মহে শিং ধৰাইছে মৰিগাঁৱত

Rashmi January 07, 2026

ডিজিটেল ডেস্কঃ মাঘ বিহু সমাগত সকলো প্ৰস্তুতিৰ সমান্তৰালকৈ মৰিগাঁৱত চলিছে ম'হ যুঁজৰ প্ৰস্তুতি। গোৱালৰ ঘৰে ঘৰে সাজু কৰিছে গোনা ম'হ। যুঁজৰ বাবে সাজু কৰা গোনা ম'হক গোৱালে দিছে ঘৰে ঘৰে প্ৰশিক্ষণ।  


গোনা ম'হৰ শিঙৰ ঝনঝননি ১ মাঘৰ পৰা পুনৰ মুকলি পথাৰত উৰিব ধূলি। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ম'হ গোৱালে খুৱাই বুৱাই সাজু কৰিছে হালে হালে গোনা ম'হ। প্ৰশিক্ষণ দিছে শিং চালনাৰ। কল গছ, বিলৰ মাটিত শিং ধৰাইছে গোনা মঁহে।

আহোম ৰাজত্ব কালৰে পৰা সৌৰ্য বীৰ্যৰ পৰম্পৰা ম'হ যুঁজ। ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ এটা ঐতিহাসিক পৃষ্ঠা ম'হ যুঁজ। একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনে ম'হ যুঁজৰ বিৰুদ্ধে থিয় দিছে যদিও মৰিগাঁও জিলাৰ খিলঞ্জীয়া লোক সকলে ম'হ যুঁজক বৰ্তাই ৰখাটো সংস্কৃতিৰ যুঁজ বুলিহে গণ্য কৰি আহিছে। সেয়ে অসমৰ বিভিন্ন স্হানৰ লগতে মৰিগাঁৱতো আইনী প্ৰতিবন্ধকতা নেওচি যোৱা দুবছৰো চলাই আহিছে ম'হ যুঁজ। 
 
বৰ্তমানলৈ ম'হ যুঁজৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কোনো SOP ঘোষনা নকৰালৈ চাই মৰিগাঁৱৰ ম'হ গোৱাল সকলে পূৰ্বতকৈ দুগুণ উৎসাহেৰে নিজৰ গোনা ম'হ সাজু কৰিছে । 

ম'হৰ গোৱালৰ পৰিয়ালৰ সদস্য সকলৰ মতে মাঘত যুঁজিব দিলেহে গোনা ম'হ শান্ত হয়। নহʼলে ম'হ পালন কৰাটো অসম্ভৱ কৃষিজীৱী ৰাইজৰ পক্ষে সম্ভৱ নহয়। যুঁজিব নিদিলে ক্ষতি কৰিব গোৱালৰ। সেয়ে পৰম্পৰা ৰক্ষা কৰি এইবাৰো জিলা খনত গোৱালে অনুষ্ঠিত কৰিব ম'হ যুঁজ। ১ মাঘৰ পৰা আঁহতগুৰি, বৈদ্যবড়ী পথাৰকে ধৰি জিলাখনৰ বিভিন্ন পথাৰত অনুষ্ঠিত হʼব ম'হ যুঁজ।




উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This