ইউক্রেইনৰ তীব্ৰ ড্ৰ'ন-ক্ষেপণাস্ত্র আক্ৰমণত দিশহাৰা মস্কো, ইউনাইটেড ৰাছিয়া পার্টি কংগ্ৰেছত ৰাষ্ট্ৰপতি পুটিনৰ স্বীকাৰ

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : ইউক্রেইনৰ তীব্র আক্রমণে ৰাছিয়াক দিশহাৰা কৰি তুলিছে। এই কথা স্বীকাৰ কৰিলে বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। দেওবাৰে ইউনাইটেড ৰাছিয়া পার্টি কংগ্রেছত দিয়া ভাষণত কয় যে ৰাছিয়াৰ আন্তঃগাঁথনি আৰু শক্তি প্রকল্পসমূহত ইউক্রেইনৰ অহৰহ আক্ৰমণ চিন্তনীয় হৈ পৰিছে। 

ৰাছিয়াৰ ভূমিত ইউক্রেইনে দীর্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আৰু ড্র'ন আক্রমণ বৃদ্ধি কৰাটোৱে ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনক সমস্যাত পেলোৱা বুলিও পুটিনে কয়। অৱশ্যে, তেওঁ কয় যে মস্কোৱে দেশৰ সীমাক সুৰক্ষিত কৰি ৰখাৰ লগতে বৃদ্ধি পোৱা প্রত্যাহ্বানসমূহো নেওচি যাব। পুটিনে কয় যে আমি সমস্যাসমূহ দেখা পাইছোঁ আৰু ইয়াক লৈ আমি সজাগ-সচেতন হৈ আছোঁ। ইয়াৰ প্রত্যুত্তৰো দিয়া হৈছে আৰু দেশৰ লগতে জনতাৰ সুৰক্ষা সদায়েই তেওঁৰ বাবে প্রথম বুলি পুটিনে প্রকাশ কৰে। 

উল্লেখযোগ্য যে চাৰি বছৰতকৈও অধিক কাল ধৰি চলি থকা যুদ্ধখনত শেহতীয়াকৈ ইউক্রেইনে ড্র'ন আৰু ক্ষেপণাস্ত্র আক্রমণেৰে ৰাছিয়াক বিপদত পেলাইছে। ৰাছিয়াৰ শক্তি প্রকল্পসমূহক কেন্দ্ৰ কৰি ইউক্রেইনে দীর্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই আছে। অৱশ্যে, ৰাছিয়াইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে।

Share This