ট্রাম্পৰ কাৰ্যপন্থাত অসন্তুষ্ট অধিকাংশ মার্কিন নাগৰিক, শেহতীয়া সমীক্ষাত নিজ দেশতে সমালোচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্প নিজ দেশতে সমালোচিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এ বি চি নিউজ আৰু ৱাশ্বিংটন প'ষ্টে চলোৱা এটা সমীক্ষাত প্রকাশ পাইছে যে ৰাষ্ট্রপতি ট্রাম্পৰ কার্যপন্থাত অধিকাংশ আমেৰিকাৰ নাগৰিক, বিশেষকৈ অত্যাৱশ্যকীয় সামগ্রীৰ দাম, চাকৰি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত ট্রাম্প প্রশাসনে লোৱা সিদ্ধান্তবোৰত দেশখনৰ অধিকাংশ নাগৰিক খর্গহস্ত হৈছে। 

ট্রাম্পৰ বিশ্বজনীন শুল্কক দেশখনৰ উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰাৰ পূর্বেই এই সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাত পোৱা গৈছে আমেৰিকাৰ দুই-তৃতীয়াংশ নাগৰিকে দেশখনৰ মুদ্রাস্ফীতিক লৈ উদ্বেগ প্রকাশ কৰিছে। আনহাতে, ১০জনৰ ভিতৰত ছজনে আমদানিকৃত সামগ্রীত আৰোপ কৰা শুল্কক লৈ অসন্তুষ্ট।

আনহাতে, ট্রাম্পৰ বৈদেশিক সম্পর্কৰ বিষয়ত দেশখনৰ ৬২ শতাংশ নাগৰিকে হতাশা ব্যক্ত কৰিছে। তদুপৰি, ট্রাম্পৰ প্রব্রজন নীতিক ৫৮ শতাংশ আমেৰিকানে ভাল পোৱা নাই। উল্লেখযোগ্য যে ৰাষ্ট্রপতি ট্রাম্পৰ কোনো কার্যপন্থাকে স্পষ্ট ৰূপত গ্রহণ কৰা নাই আমেৰিকাৰ। নাগৰিকে।

Share This