মাতৃৰ চিতাৰ জুই জ্বলি থকা সময়তে কনিষ্ঠ পুত্ৰৰ মৃত্যু

Kakali Deka September 10, 2023

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত বামুণীগাঁও চৌধুৰীপাৰাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। মাতৃৰ চিতাৰ জুই জ্বলি থকা
সময়তে কনিষ্ঠ পুত্ৰৰ মৃত্যু হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে বামুণীগাঁও চৌধুৰীপাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুৰ্বলা দাস (৫০) নামৰ এগৰাকী মহিলা দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল।

ইফালে এসাঁজ খাই আন এসাঁজৰ চিন্তা ভুগিবলগীয়া পৰিয়ালটোৰ চিকিৎসাৰ বাবে হাতত নাই টকা পইচা। দীৰ্ঘদিন ধৰি ৰোগশয্যাত থকা দুর্বলা দাস উপযুক্ত চিকিৎসাৰ অভাৱত শুকুৰবাৰে বিয়লি কৰুণভাৱে মৃত্যু হয়। আজি গঞাবাসীয়ে দুৰ্বলা দাসৰ নশ্বৰদেহ শেষকৃত্য সম্পন্ন কৰে । কিন্তু দুৰ্বলা দাসৰ চিতাৰ জুই নুনোমাওঁতেই কনিষ্ঠ পুত্র টিটু দাসৰ (২১) মৃত্যু হয়। মাতৃ ৰোগশয্যাত পৰি থকা সময়ত কনিষ্ঠ পুত্ৰ জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল। মাতৃক শ্মশানলৈ অনাৰ সময়তে টিটু দাসক গঞাই কিছু আর্থিক সাহায্য প্ৰদান কৰি বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। টিটু দাসৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। টিটু দাসক জিএম চি এইচলৈ আনি থকা অৱস্থাত আদবাটতে মৃত্যুক আঁকোৱালি লয়।

ইফালে মাতৃৰ চিতাৰ জুই নুনোমাওঁতেই কনিষ্ঠ পুত্ৰৰ মৃত্যুৰ খবৰ পাই গঞাবাসীয়ে শোকত ম্রিয়মাণ হৈ পৰে । মাতৃৰ অন্ত্যেষ্টিক্রিয়া সমাপন কৰি গঞা ৰাইজ মৃতকৰ বাসগৃহত উপস্থিত হয়। এফালে মাতৃৰ ক্ৰীড়াকৰমৰ কাম, আনফালে পুত্ৰৰ নশ্বৰদেহ। গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ এজন সদস্য জীৱিত অৱস্থাত আছে। আজি টিটু দাসৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হ'ব বুলি গাঁওবাসীয়ে জানিবলৈ বৰ দিয়ে। আনহাতে দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰখনক আহ্বান জনাইছে।
 

Share This