ডিজিটেল ডেস্ক : নলবাৰীকাণ্ডত গুৰুতৰভাৱে আহত মৃদুমুদ্রা ডেকা নামৰ কিশোৰীগৰাকী ক্রমাৎ সুস্থ হৈ আহিছে। মঙলবাৰে নিশা জি এম চি এইচত তেওঁৰ এটা অস্ত্রোপচাৰ সম্পন্ন হয়। শৰীৰত হিম'গ্লবিনৰ পৰিমাণো সম্প্ৰতি সুস্থিৰ অৱস্থাত আছে। আহত মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ নিয়মীয়াকৈ বুজ লৈ আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। জি এম চি এইচত চিকিৎসাধীন মৃদুমুদ্ৰাৰ স্বাস্থ্য সম্পৰ্কত এই তথ্য ৰাজহুৱা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। কালি তেওঁ প্রকাশ কৰে যে কালি কৰা মৃদুমুদ্ৰাৰ এম আৰ আইৰ প্ৰতিবেদনত তেওঁ বিভিন্ন স্থানত বহুকেইটা আঘাত লাভকৰাৰ কথা স্পষ্ট হয়। ইয়াৰ ভিতৰত ডিঙি আৰু পিঠিত লাভ কৰা দুটা আঘাত যথেষ্ট গুৰুতৰ। এই দুয়োটা স্থানতে আক্রমণকাৰী ৰ'জ আলীৰ ছুৰী পোনকৈ ভিতৰলৈ সোমাই গৈছিল আৰু ইয়াৰ ফলত শৰীৰৰ ভিতৰত যথেষ্ট গুৰুতৰ আঘাতৰ সৃষ্টি কৰিছিল। পিঠিৰ দিশৰ আঘাত ৰাজহাড়ৰ কাষলৈকে হৈছিল। সেয়ে মঙলবাৰে নিশা তেওঁৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ এটা অস্ত্রোপচাৰ কৰা বুলি অধীক্ষকজনে সদৰী কৰে।
কালি মৃদুমুদ্ৰাক পুনৰ আই চি ইউলৈ স্থানান্তৰ কৰা বুলিও তেওঁ প্রকাশ কৰে। ইফালে মৃদুমুদ্ৰাৰ স্বাস্থ্য ক্ৰমাৎ সুস্থিৰ হৈ আহিছে। অৱশ্যে এতিয়াও তেওঁ সংকটমুক্ত হোৱা নাই বুলি অধীক্ষক দেৱজিৎ চৌধুৰীয়ে প্রকাশ কৰে। তেওঁ কয় যে মৃদুমুদ্ৰাৰ শৰীৰৰ ৰক্তক্ষৰণ সম্প্ৰতি ৰোধ হৈছে। কালি তেওঁৰ হিম'গ্লবিনৰ পৰিমাণ ৮.৪ আছিল। কালি এই পৰিমাণ ৮.৯ লৈ বৃদ্ধি পোৱা বুলিও অধীক্ষকজনে কয়। অৱশ্যে মৃদুমুদ্ৰাক পুনৰ ৰক্তদান কৰিবলগীয়া পৰিস্থিতি হ'ব বুলিও তেওঁ কয়।
আনহাতে, জি এম চি এইচত মৃদুমুদ্ৰাৰ চিকিৎসা সম্পূর্ণ বিনামূলীয়াকৈ কৰা বুলি সদৰী কৰি অধীক্ষক ডাঃ চৌধুৰীয়ে বিভিন্ন বিভাগৰ সাতজনীয়া বিশেষজ্ঞ চিকিৎসকে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি থকা বুলি কয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাৱে আহত মৃদুমুদ্ৰাৰ চিকিৎসাৰ নিয়মীয়াকৈ বুজ লৈ আছে। তেওঁ আহত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতিৰ বিষয়ত দৈনিক খবৰ লৈ আছে।