ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনিক পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দেখা যাব। বৃহস্পতিবাৰে চি এছ কেয়ে জনোৱা মতে, দলটোৰ কমাণ্ড ধোনিৰ হাতত অৰ্পণ কৰা হৈছে।
প্ৰায় ৬৮৩ দিনৰ অন্তত দলৰ অধিনায়ক হিচাপে থাকিব ধোনি। শেষবাৰৰ বাবে তেওঁক চি এছ কেৰ অধিনায়ক হিচাপে দেখা গৈছিল ২০২৩ চনৰ আই পি এলত।
২০২৩ চনৰ আই পি এল খিতাপ দখল কৰিছিল চেন্নাই ছুপাৰ কিংছে। ধোনিৰ অধিনায়কত্বত দলটোৱে চূড়ান্ত খেলখন গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিছিল।
আচলতে চি এছ কেৰ নিয়মীয়া অধিনায়ক ৰুতুৰাজ গাইকোৱাড আঘাতপ্ৰাপ্ত হৈছে। এই কাৰণতে আই পি এল ২০২৫ৰ মাজভাগত চি এছ কেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
আই পি এল ২০২৩ৰ পিছত ধোনিয়ে নিজেই গাইকৱাডৰ হাতত অধিনায়কত্ব অৰ্পণ কৰিছিল।ধোনি অধিনায়ক হোৱাৰ পিছত দলৰ প্লেইং ইলেভেনৰ পৰিৱৰ্তন হ’ব। গাইকৱাদৰ ঠাইত আন কোনোবা খেলুৱৈক প্লেইং ইলেভেনত অন্তৰ্ভুক্ত কৰা হ’ব।
উৎস: প্ৰাগ নিউজ ডিজিটেল