ট্রাম্পৰ ঘোষণা, আমেৰিকাত শোধনাগাৰ নিৰ্মাণ কৰিব মুকেশ আম্বানিয়ে

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক: আমেৰিকাত নতুন তেল শোধনাগাৰৰ বাবে চুক্তিবদ্ধ হৈছে মুকেশ আম্বানিৰ বিলায়েন্স ইণ্ডাষ্ট্রীজ। যোৱা ৫০ বছৰৰ ভিতৰত আমেৰিকাত এইটোৱেই হ'ব প্রথম নতুন শোধনাগাৰ। 

কালি সামাজিক মাধ্যম 'ট্রুথ ছ'চিয়েল'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই কথা ঘোষণা কৰে। ট্রাম্পে কয় যে এয়া হৈছে ৩০০ বিলিয়ন ডলাৰৰ (প্রায় ২৭ লাখ কোটি টকা) এক ঐতিহাসিক চুক্তি। তেওঁ আৰু কয় যে ই হৈছে আমেৰিকীয় শ্রমিক, শক্তি খণ্ড আৰু ছাউথ টেক্সাছৰ জনসাধাৰণৰ বৃহৎ বিজয়। ড'নাল্ড ট্রাম্পে কয় যে দক্ষিণ টেক্সাছৰ ব্ৰাউন্‌ভিলত নিৰ্মাণ কৰা হ'ব এই শোধনাগাৰটো। 

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে এই শোধনাগাৰটো হ'ব বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ শোধনাগাৰ। ট্রাম্পৰ মতে, 'এই প্ৰকল্পৰ ফলত আমেৰিকাৰ ঘৰুৱা বজাৰে ইন্ধন লাভ কৰিব, ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী হ'ব আৰু হাজাৰ হাজাৰ নতুন কর্মসংস্থানৰ সৃষ্টি হ'ব।'

ট্রাম্পে জনোৱা মতে, আমেৰিকা ফাৰ্ষ্ট ৰিফাইনিঙে নিৰ্মাণ কৰিবলগীয়া এই শোধনাগাৰৰ নিৰ্মাণৰ কাম এই বৰ্ষৰে এপ্রিল-জুন ত্রৈমাসিকত আৰম্ভ হ'ব। মন কৰিবলগীয়া যে বিশ্বত খাৰুৱা তেল আৰু ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ সময়তে
ট্রাম্পে শোধনাগাৰৰ কথা ঘোষণা কৰে।

Share This