ডিজিটেল ডেস্ক: ৰিয়ান ৰিকলটন (৮১) আৰু ৰোহিত শর্মাৰ (৭৮) খৰতকীয়া অর্ধশতকীয় বৰঙনিৰ জৰিয়তে আই পি এলৰ কালিৰ খেলত কলকাতা নাইট ৰাইডার্জক। সহজেই ৬ উইকেটত পৰাজিত কৰে মুম্বাই ইণ্ডিয়ানছে। জয়ৰ বাবে ২২১ ৰানৰ পিছ লোৱা মুম্বায়ে ৫টা বল বাকী থকা অৱস্থাত ৪টা উইকেট হেৰুৱাই ২২৪ ৰান কৰি লক্ষ্য অতিক্রম কৰে।
ৰিকলটন আৰু ৰোহিতে অ'পেনিঙৰ যুটিত মাথোঁ ৭১টা বলত ১৪৮ ৰানৰ সংযোজন ঘটাই মুম্বাই ইণ্ডিয়ানছৰ জয়ৰ ভেটি গঢ়ে। ইয়াৰ আগেয়ে অধিনায়ক আজিংক্য ৰাহানে (৬৭) আৰু অভিষেক ঘটোৱা অংগকৃশ ৰঘুবংশীৰ (৫১) অর্ধ-শতৰানৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰি ৪ উইকেটত ২২০ ৰান কৰে। অ'পেনাৰ ৰাহানেই ৪০টা বলত তিনিটা চাৰি আৰু ৫টা ছয়েৰে নিজৰ ৬৭ ৰানৰ ইনিংছটো সজায়।
ৰঘুবংশীৰ ২৯টা বলত ৫১ ৰানৰ ইনিংছটোত ছটা চাৰি আৰু দুটা ছয়ৰ সমাহাৰ ঘটে। অ'পেনাৰ ফিন এলেনে ৩৭ আৰু শেষৰ ফালে ৰিংকু সিঙে ২১টা বলত অপৰাজিত ৩৩ ৰানৰ অৱদান যোগায়। মুম্বাইৰ হৈ ছার্দুল ঠাকুৰে সর্বাধিক তিনিটা উইকেট পায়।