বুমৰাহক লৈ চিন্তিত মুম্বাই ইণ্ডিয়ানছ

dainik janambhumi March 24, 2026

ডিজিটেল ডেস্ক: আই পি এল আৰম্ভ হ'বলৈ এসপ্তাহো নাই। ইয়াৰ মাজতে খবৰ আহিছে যে যশপ্রীত বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত যোগদান কৰাৰ পৰিৱৰ্তে ব'ৰ্ডৰ চেণ্টাৰ অব্ এক্সেলেন্সলৈ গৈছে। আঘাতৰ বাবে বুমৰাহে চেণ্টাৰ অব্ এক্সেলেন্সত যোগদান কৰিছে নেকি সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। 

যোৱা সপ্তাহত মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাহেলা জয়বর্ধনে জনাইছিল যে টি-২০ বিশ্ব কাপ জয়ী মুম্বাই ইণ্ডিয়ানছৰ ৪ গৰাকী ভাৰতীয় ক্রিকেটাৰে বৰ্ধিত বিৰতি লৈছে। শ্রীলংকাৰ প্ৰাক্তন ক্রিকেটাৰ জয়বর্ধনে কয়, 'প্রতি বছৰে আমাৰ লক্ষ্য আই পি এলৰ খিতাপ জয়। ই এটা দীর্ঘলীয়া ছিজন। আমি প্রি-ছিজন আৰম্ভ কৰাৰ দৰেই হৈছে।

টি-২০ বিশ্ব কাপত খেলা আমাৰ দলত থকাসকলক আমি অলপ বেছি জিৰণি দিছোঁ।' ২৯ মার্চত আই পি এলত মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ।

Share This