গুজৰাট টাইটানছক হৰুৱালে মুম্বাই ইণ্ডিয়ানছে

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক : ফর্মলৈ উভতি অহা তিলক বার্মাৰ আকর্ষণীয় শতৰানৰ জৰিয়তে আই পি এলত ৪খন খেলত পৰাজয়ৰ ধাৰা ভংগ কৰে মুম্বাই ইণ্ডিয়ানছে। প্রতিযোগিতাখনৰ কালিৰ এখন খেলত গুজৰাট টাইটানছক ৯৯ ৰানত পৰাজিত কৰে মুম্বাই ইণ্ডিয়ানছে। আই পি এলত তিলকৰ প্ৰথমটো শতৰানৰ জৰিয়তে প্রথমে বেট ধৰি মুম্বায়ে ৫ উইকেটত ১৯৯ ৰান কৰিছিল। প্ৰত্যুত্তৰত গুজৰাটে মুম্বাইৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱাৰি ১৫.৫ অ'ভাৰত ১০০ ৰানত অল আউট হয়। 

গুজৰাটৰ ইনিংছত ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ২৬ ৰান কৰে, য'ত আন বেটাৰসকলে অৱদান যোগোৱাত ব্যর্থ হয়। মুম্বাইৰ বাওঁহতীয়া ছীমাৰ অশ্বনি কুমাৰে ২৪ ৰানত সর্বাধিক ৪টা উইকেট দখল কৰে। ইয়াৰ আগেয়ে আই পি এলত তিলক বাৰ্মাৰ প্ৰথমটো শতৰানৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি ৫টা উইকেট হেৰুৱাই ১৯৯ ৰান কৰে। 

মুম্বাইৰ ইনিংছৰ অন্তিমটো বলত চাৰি কোবাই শতৰান পূৰ কৰা তিলকে ৪৫টা বলত ১০১ ৰান কৰি আউট নোহোৱাকৈ থাকে। পাৱাৰ প্লে'ত কাগিছু ৰাবাডাই (৩-৩৩) তিনিটা উইকেট দখল কৰাত মুম্বাই শ'লঠেকতে পৰিছিল। পিছে ফর্মলৈ উভতি অহাৰ ইংগিত দিয়া তিলকে ৭টা ছয় আৰু ৮টা চাৰিৰে অপৰাজিত ১০১ ৰান কৰি দলীয় স্থিতি মজবুত কৰে। নমন ধীৰেও ৪৫ ৰানৰ উপযোগী বৰঙনি আগবঢ়ায়।

Share This