মুম্বাই ইণ্ডিয়ানছৰ পঞ্চম জয়

dainik janambhumi April 28, 2025

ডিজিটেল ডেস্কঃ মুম্বাই ইণ্ডিয়ানছে চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগত (আই পি এল) ক্রমশঃ পঞ্চম জয় সাব্যক্ত কৰিলে। কালি অষ্টাদশ সংস্কৰণৰ প্রতিযোগিতাখনৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫৪ ৰানত হৰুৱাই মুম্বায়ে জয়ৰ ধাৰা অব্যাহত ৰাখে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে অ'পেনাৰ তথা উইকেটকীপাৰ ৰিয়ান ৰিকেলটন (৫৮) আৰু সূৰ্যকুমাৰ যাদৱৰ (৫৪) অর্ধ শতৰানৰ সহায়ত ৭ টা উইকেট হেৰুৱাই ২১৫ ৰান কৰে।

প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই ১৬১ ৰানত থমকি ৰ'বলগীয়া হয়। অধিনায়ক ঋষভ পণ্টৰ (৪) ব্যৰ্থতা দলৰ পৰাজয়ৰ অন্যতম কাৰণ হৈ উঠে। দলৰ হৈ আয়ুষ বাডনীয়ে সর্বাধিক ৩৫, মিচেল মার্শ্বে ৩৪, নিকলাছ পূৰাণে ২৭আৰু ডেভিদ মিলাৰে ২৪ ৰানৰ অৱদান যোগায়। মুম্বাইৰ যশপ্রীত বুমৰাহে ২২ ৰানত ৪টা উইকেট দখল কৰি লক্ষ্ণৌৰ পৰাজয় নিশ্চিত কৰে। ট্রেন্ট বল্টে তিনিটা আৰু উইল জেকছে পায় দুটা উইকেট।

বুমৰাহে প্রথমে এইডেন মাৰ্কৰামক (৯) বিদায় দিয়াৰ পাছত ষষ্ঠদশ অ'ভাৰত তিনিটা উইকেটৰ পতন ঘটায়। ইয়াৰ আগেয়ে অ'পেনাৰ ৰিকেলটনৰ দলীয় সর্বাধিক ৫৮ ৰানৰ লগতে সূৰ্যকুমাৰৰ ৫৪ ৰানৰ সহায়ত প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে ৭ উইকেটত ২১৫ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিছিল। মুম্বাইৰ ইনিংছত ৰোহিত শৰ্মা (১২), ৰিয়ান ৰিকেলটন আৰু উইল জেকছ (২৯)ৰ বিদায়ৰ পাছত তিলক বার্মা (৬) আৰু হার্দিক পাণ্ডিয়া (৫) খৰতকীয়াকৈ আউট হয়। পিছে ২৮টা বলত ৪টাকৈ চাৰি আৰু ছয়েৰে সমাহাৰ ঘটা সূর্যকুমাৰৰ দৃঢ়তাপূর্ণ অর্ধ শতৰানেৰে মুম্বায়ে ২০০ ৰানৰ সীমা পাৰ কৰে। অষ্টাদশ সংস্কৰণৰ আই পি এলত তৃতীয়টো অর্ধশতকীয় ইনিংছ খেলা সূর্যকুমাৰে এই পর্যন্ত ৪০০ৰ অধিক ৰান গোটাই প্রতিযোগিতাখনত ৪০০০ ৰান পূৰ কৰে। মুম্বাইৰ হৈ নমন ধীৰে ২৫ ৰানত অবিজিত থকাৰ লগতে কবীন বছকাৰে ২০ ৰানৰ অৱদান যোগায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মায়ংক যাদৱ আৰু অভেশ খানে দুটাকৈ উইকেট দখল কৰে।

Share This