ডিজিটেল ডেস্ক : চতুর্থ দল হিচাপে অষ্টাদশ সংস্কৰণৰ আই পি এলৰ প্লে'-অফত প্ৰৱেশ কৰিলে মুম্বাই ইণ্ডিয়ানছ। পাঁচবাৰৰ চেম্পিয়ন মুম্বাইৰ আগেয়ে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চলিত আই পি এলত প্লে'-অফলৈ যোগ্যতা আহৰণ কৰিছিল। ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত বুধবাৰৰ গুৰুত্বপূৰ্ণ খেলখনত দিল্লী কেপিটেলছক সহজেই ৫৯ ৰানত হৰুৱাই পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ে হার্দিক পাণ্ডিয়া বাহিনী। অষ্টাদশ সংস্কৰণৰ ঐশ্বর্যশালী প্রতিযোগিতাখনত মুম্বায়ে তেনেদৰেই একাদশবাৰলৈ প্লে'-অফলৈ আগবাঢ়ে। ৱাংখেড়েৰ মন্থৰ পিটছত বুধবাৰৰ গুৰুত্বপূৰ্ণ খেলখনত প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে সূর্যকুমাৰ যাদৱৰ বেটিং বিক্ৰমৰ জৰিয়তে ৫ উইকেটত কৰে ১৮০ ৰান।
মুম্বায়ে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালেও সূর্যকুমাৰৰ ৪৩টা বলত ৭টা চাৰি আৰু ৪টা ছয় সম্বলিত অপৰাজিত ৭৩ বানৰ জৰিয়তে শক্তিশালী স্ক'ৰ থিয় কৰে। ৰিয়ান ৰিকলটনে ২৫, ৰোহিত শর্মাই ৫, উইল জেকছে ২১, তিলক বার্মাই ২৭, অধিনায়ক হার্দিকে ৩ আৰু নমনটীৰে অপৰাজিত ২৪ ৰান কৰে। দিল্লীৰ হৈ মুকেশ কুমাৰে সর্বাধিক দুটা উইকেট দখল কৰে। ১৮১ ৰানৰ লক্ষ্যৰ পিছ লোৱাৰ পথত আৰম্ভণিতেই দিল্লীৰ উইকেটৰ পতন ঘটে। ফাফ ডু প্লেছিছ (৬), লোকেশ ৰাহুল (১১) আৰু অভিষেক পোৰেলৰ (৬) উইকেট খৰতকীয়াকৈ হেৰুৱায়। ১০ অ'ভাৰৰ ভিতৰতে দিল্লীৰ বেটিং অৰ্ডাৰ তাচপাতৰ দৰে খহি পৰে। ১৮.২ অ'ভাৰত ১২১ ৰানতে অল-আউট হয় দিল্লী। সমীৰ ৰিজভীয়ে সর্বাধিক ৩৯, বিপ্ৰজ নিগমে ২০ আৰু আশুতোষ শৰ্মাই ১৮ ৰান কৰে।
মুম্বাইৰ হৈ মিচেল ছাণ্টনাৰ আৰু যশপ্রীত বুমৰাহে তিনিটাকৈ উইকেট দখল কৰি দলৰ জয়ত অগ্রণী ভূমিকা পালন কৰে। মুম্বায়ে এই জয়েৰে ১৬ পইণ্ট গোটাই প্লে'-অফৰ টিকট নিশ্চিত কৰে। আনহাতে, এই পৰাজয়েৰে দিল্লীয়ে ১৩খন খেলত ১৩ পইন্ট গোটাই আছে। নিজৰ অন্তিমখন খেলত জয়ী হ'লেও দিল্লীয়ে ১৬ পইণ্ট গোটাব নোৱাৰে আৰু প্লে'-অফৰ দৌৰৰ পৰাও বাহিৰ হয়।