ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা লং জাম্পাৰ মুৰলী শ্রীশংকৰে ৭.৭৫ মিটাৰেৰে পর্তুগাল এথলেটিকছ মীটত শ্রেষ্ঠতা প্রতিপন্ন কৰিছে। বিশ্ব এথলেটিকছ কন্টিনেন্টেল ট্যুৰৰ ব্ৰঞ্জ পৰ্যায়ৰ প্ৰতিযোগিতা মিটিং মায়া ছিদাদে ড' ডেছপোর্টো ২০২৫-৩ ৭.৭৫ মিটাৰ জঁপিয়াই খিতাপ দখল কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে।
৭.৬৩ মিটাৰ জঁপিয়াই অভিযান আৰম্ভ কৰা শ্ৰীশংকৰে দ্বিতীয় ৰাউণ্ডত শ্রেষ্ঠ ৭.৭৫ মিটাৰেৰে বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ পাছত দৃঢ়তাপূর্ণ ৭.৬৯ মিটাৰ জঁপিওৱা শ্ৰীশংকৰৰ তৃতীয় প্ৰয়াস ফাউল হয়।
শ্ৰীশংকৰৰ অন্তিম দুটা প্রয়াস আছিল ৬.১২ আৰু ৭.৫৮ মিটাৰ। পোলেণ্ডৰ পিঅ'ত্র তাৰকোস্কিয়ে দ্বিতীয় আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিছ মিডেভস্কিয়ে তৃতীয় স্থান দখল কৰে।