উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

Rashmi August 15, 2025

ডিজিটেল ডেস্কঃ আজি স্বাধীনতা দিৱস। আজি সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। দেশভক্তিৰ ঢৌত উথলি উঠিছে আজি আমাৰ ভাৰতভূমি। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল।

 

যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই মনৰ আনন্দত স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে যিকল স্বাধীনতা সংগ্ৰামী আৰু বীৰ-বীৰাংগনাৰ বাবে আমাৰ দেশখন স্বাধীন হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।

 

সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। বাক্সাৰ মুছলপুৰৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু বাক্সাৰ মুছলপুৰৰ পেৰেড স্থলীত ঘটিল অঘটন।

 

পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। উৎকট গৰমৰ বাবে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী বেটেলিয়নৰ জোৱানৰ লগতে বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণ কৰা কেবাগৰাকী ছাত্ৰ-ছাত্ৰী পেৰেডস্থলীতে ঢলি পৰে।

 

পিছত ঢলি পৰা আৰক্ষী তথা ছাত্ৰ-ছাত্ৰীসকলক জৰুৰীকালীন সেৱাৰ জৰিয়তে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসুস্থসকল।

 

 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This