মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল

Rashmi September 13, 2025

ডিজিটেল ডেস্কঃ  ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আই ডি তৈয়াৰ কৰি বহু পুৰুষক শ'লঠেকত পেলালে এজন যুৱকে। ৰাজস্থান আলৱাৰৰ বৈশালী নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুষ্ট চাইবাৰ অপৰাধীক। ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ভুৱা আই ডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল আৰু বন্ধুত্ব গঢ়ি তোলাৰ পিছত তেওঁলোকৰ লগত চ্যাট কৰিছিল। ইয়াৰ পিছত ভিডিঅ’ কলত অশ্লীল ভিডিঅ’ কৰি ব্লেকমেইল কৰিছিল। আৰক্ষীয়ে অভিযুক্তৰ ম'বাইলৰ পৰা বহু লোকৰ অশ্লীল ভিডিঅ’ উদ্ধাৰ কৰিছে।

আলৱাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰণ কাম্বলে জনোৱা মতে, বৈশালী নগৰ আৰক্ষী থানাই মুস্তাক খান নামৰ চাইবাৰ অপৰাধীজনক  গ্ৰেপ্তাৰ কৰিছে। ফে'চবুক, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মহিলাৰ ভুৱা আই ডি তৈয়াৰ কৰি পুৰুষলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত মুস্তাক খানে তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। ছোৱালীৰ অভিনয় কৰি মুস্তাকে বহু পুৰুষক নিজৰ ফান্দত আবদ্ধ কৰি ৰাখিছিল। মানুহবোৰ যেতিয়া ফান্দত আবদ্ধ হৈ পৰে তেতিয়া তেওঁ ভিডিঅ’ কল কৰি পৰ্ণগ্ৰাফিক ছবি দেখুৱাইছিল।

ইয়াৰ পিছত মুস্তাকে স্ক্ৰীণ ৰেকৰ্ডিঙৰ জৰিয়তে ভুক্তভোগীৰ ভিডিঅ’ বনাইছিল আৰু ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবী কৰিছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত মুস্তাকে এটা বিশেষ এপৰ সহায়ত ছোৱালীৰ দৰে মাত উলিয়াইছিল যাতে কাৰো সন্দেহ নহয়।

মুস্তাকৰ পৰা নগদ ৩০ হাজাৰ টকা আৰু দুটা ম'বাইল ফ'ন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ ম'বাইলৰ পৰা বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰা হৈছে।

মুস্তাক খানক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This