হিন্দু যুৱতীৰ বিয়া পাতি দি সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ নিদৰ্শন দাঙি ধৰিলে মুছলিম ব্যৱসায়ীয়ে

Kakali Deka May 04, 2025

ডিজিটেল ডেস্কঃ দেশৰ কিছুমান স্থানত ধৰ্মৰ নামত ঘৃণা বিয়পোৱাৰ চেষ্টা চলোৱাৰ সময়তে সাম্প্রদায়িক সৌহাৰ্দ্যৰ পৰিচয় দি চফদৰ নৱাজ খান নামৰ এজন মুছলিম ব্যৱসায়ীয়ে এগৰাকী হিন্দু যুৱতীৰ বিয়া‌পাতি দি চৰ্চালৈ আহিছে।

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ কাজিয়ান অঞ্চলৰ সমাজসেৱী খানে নিজৰ সঞ্চিত ধনেৰে যুৱতীগৰাকীৰ বিয়া পাতি দিয়াৰ লগতে পিতৃৰ দৰে দায়িত্ব লৈ কইনাক বিদায় দিয়ে। হিন্দু ৰীতি-নীতিৰে বিবাহ ভৱনত অনুষ্ঠিত এই বিয়াখনত বহু লোকে দৰা-কইনাক আশীৰ্বাদ দিয়ে। জানিব পৰা মতে ৰাখী নামৰ কইনাগৰাকীৰ পিতৃ গৌতম কুমাৰে কেইবা দশক ধৰি চফদৰ নৱাজ খানৰ লোৰ গুদামত কাম কৰি আছে। খানে কুমাৰৰ পৰিয়ালটোক নিজৰ পৰিয়ালৰে অংশ বুলি গণ্য কৰে। খানে আনকি গৌতম কুমাৰৰ পৰিয়ালক থকাৰ বাবে এটা ঘৰ দিছে যদিও তেওঁলোকৰ পৰা ভাৰা নলয়। তদুপৰি  সময়ে সময়ে তেওঁলোকৰ পৰিয়ালটোৰ সন্তানৰ পঢ়া-শুনা, ঘৰৰ খা-খৰচ আদি দিয়ো খানে পৰিয়ালকটোক সহায় কৰি আহিছে। কুমাৰৰ মুঠ চাৰিগৰাকী জীয়ৰী আছে। জ্যেষ্ঠ কন্যাৰ বিয়াক লৈ কুমাৰ চিন্তিত বুলি জানিব পাৰি খানে ৰাখীক বিয়া দিয়াৰ দায়িত্ব মূৰ পাতি লয়।

লখীমপুৰ খেৰী জিলাৰ শিৱম নামৰ দৰাজনে কইনাক নিবলৈ উপস্থিত হোৱাৰ সময়ত বিবাহ গৃহত স্থানীয় মুছলিম সমাজৰ লোকসকলে বৰযাত্ৰীক আদৰি আনে। সুভাষ খান্না নামৰ পুৰোহিতজনে বৈদিক হিন্দু পৰম্পৰা অনুসৰি শিৱম-ৰাখীৰ বিয়া সম্পন্ন কৰে।

Share This