ডিজিটেল ডেস্ক: কেৰালাত ইংৰাজী নৱবৰ্ষৰ দিনা বিজেপিৰ মুখপত্র 'জন্মভূমি'ত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আই ইউ এম এল) মুখপত্ৰৰ সম্পাদকীয় প্রকাশ হোৱাৰ এক আমোদজনক ঘটনা ঘটে। এই ঘটনায় কেৰালাৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰে।
উল্লেখযোগ্য যে 'জন্মভূমি'ৰ কন্নুৰ-কাছৰগড় আঞ্চলিক সংস্কৰণত ভুলতে আই ইউ এম এলৰ মুখপত্র চন্দ্ৰিকাৰ সম্পাদকীয় ছপা হয়। এই ঘটনাই কেৰালাৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰে আৰু আমোদৰ খোৰাক যোগায়। এই বিষয়টো পোহৰলৈ আহে আই ইউ এম এলৰ ৰাজ্যিক সভাপতি ছৈয়দ ছাদিকলী ছিহাব থংগলক কন্নুৰৰ এজন দলীয় নেতাই ফ'ন কৰি তেওঁ লিখা সম্পাদকীয়টো বিজেপিৰ মুখপত্র 'জন্মভুমি'ত ছপা হোৱাৰ বিষয়ে জনোৱাৰ পাছত। প্রথমে থংগলে ধেমালি কৰা বুলি ভাবিছিল যদিও পাছত প্রকৃত সত্য জানিব পাৰে। থংগলৰ লেখাৰ লগতে দলটোৰ নেতা এম কে মুনিলে লিখা আৰু সম্পাদকীয় 'জন্মভুমি'ত প্রকাশ পায়।
মনকৰিবলগীয়া যে বি জে পি আৰু মুছলিম লীগৰ মাজত ভাৱাদৰ্শৰ ব্যাপক পার্থক্য আছে। অৱশ্যে পাছত জানিব পৰা মতে ছপাশালৰ ভুলৰ বাবে এই ত্রুটি হয়। দুয়োখন বাতৰি কাকত একেটা ছপাশালতে ছপোৱা হয়। ছপাশালৰ এটা ভুলৰ বাবে আই ইউ এম এলৰ মুখপত্ৰৰ সম্পাদকীয় পৃষ্ঠাটো বিজেপিৰ মুখপত্ৰত ছপা হৈ ওলায়। অৱশ্যে চি পি আই-এমৰ নেতা এম ভি জয়ৰাজনে এই ঘটনাত প্রতিক্রিয়া প্রকাশ কৰি কয় যে দুয়োখন বাতৰি কাকত মিলি এক হৈ গ'ল আৰু ইয়াৰ পৰাই বিজেপি আৰু মুছলিম লীগৰ মাজত বৃদ্ধি পোৱা ঘনিষ্ঠতা প্রকাশ পালে।