মুছলমান বিবাহ আইন বাতিল হ'লে ৰাজ্যত বাঢ়িব বাল্য বিবাহ
Digital desk
July 20, 2024
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫খন বাতিল কৰাৰ বাবে বিধানসভাত যি বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে, তাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ অসম কাজি সন্থা। চৰকাৰে মুছলিমৰ এই আইনখন বাতিল কৰি যোৱা মাৰ্চ মাহত অধ্যাদেশ জাৰি কৰাৰ পাছতেই কাজি সন্থাই ন্যায়ালয়ত গোচৰ তৰে আৰু ইতিমধ্যেই ন্যায়ালয়ে এই সম্পর্কত দুটাকৈ শুনানি গ্রহণ কৰি ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নির্দেশ দিছে।
অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন ১৯৩৫ বাতিল হ'লে অসমত বাল্য বিবাহৰ হাৰ অভাৱনীয়ভাবে বৃদ্ধি পাব বুলি দাবী কৰি ১৯জুনত এই কথা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জুবেইদ খালিছে। তেওঁ কয় যে এই আইনখন বাতিল হৈ গ'লে মুছলিমৰ বিবাহ আৰু বিচ্ছেদৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্রণেই নাথাকিব আৰু চৰ-চাপৰিকে ধৰি পিছপৰা অঞ্চলবিলাকত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰণ কাজিসকলে বিবাহৰ সকলো তথ্য-পাতি পৰীক্ষা কৰিহে বিবাহ পঞ্জীয়ন কৰিছিল আৰু চৰ-চাপৰি অঞ্চলত বাল্য বিবাহ বোধৰ ক্ষেত্ৰত চৰকাৰে নিযুক্তি দিয়া কাজিসকলে বিশেষ ভূমিকা গ্রহণ কৰি আহিছিল।
ইতিমধ্যে এই আইন বাতিলৰ অধ্যাদেশ জাৰি কৰাৰ ফলত বিবাহ আৰু বিচ্ছেদৰ ক্ষেত্রত মুছলমান সমাজত ব্যাপক সমস্যাৰ সৃষ্টি হৈছেই বুলি উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তাজনে কয় যে ৰাজ্য চৰকাৰে আইনখন বাতিল কৰাৰ পৰিবর্তে এই আইনৰ ৮ (১) ধাৰাটোৰ সংশোধন কৰা হ'লে অধিক সুফল পালেহেঁতেন।
ইফালে আইনখন বাতিলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিভিন্ন বিৰোধী নেতাসকলো। তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ মুখ্যমন্ত্রীয়ে হিন্দু-মুছলমানৰ বিভেদ সৃষ্টি কৰি সমাজত বিষবাষ্প বিয়পাব বিচাৰিছে। আনহাতে এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে মুছলমানে কি খাব, কিদৰে বিয়া কৰাব, সেয়া ঠিৰাং কৰীৰ অধিকাৰ মুখ্যমন্ত্রীৰ নাই। তেওঁ মুখ্যমন্ত্রীক পৰীমর্শ দি কয় যে অসমত বানকে ধৰি বহু সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰাৰ কথা চিন্তা কৰক মুখ্যমন্ত্রীজনে।
Share This